আন্তঃৰাষ্ট্রীয় বিত্ত নিধিয়ে (আই এম এফ) ঘোষণা কৰিছে যে কৰ’না ভাইৰাছৰ মহামাৰীৰ কাৰণে সমগ্র বিশ্বত বিধবংসী প্রভাৱ পৰিছে আৰু বিশ্বই দেখদেখকৈ এটা মন্দাৱস্থাত প্রৱেশ কৰিছে৷ অৱশ্যে, অহা বছৰ অর্থনীতিৰ অৱস্থা উন্নত হ’ব বুলি আই এম এফে অনুমান কৰিছে৷ আই এম এফৰ পৰিচালন সঞ্চালক ক্রিষ্টালিনা জর্জিয়েভাই কালি ইয়াত কয় যে কৰ’না ভাইৰাছৰ মহামাৰীৰ কাৰণে বিশ্ব অর্থনীতি অৱনমিত হৈছে আৰু উন্নয়নশীল দেশসমূহক সহায় কৰিবলৈ যথেষ্ট পুঁজি বিনিয়োগৰ প্রয়োজন হ’ব৷
এখন অনলাইন সংবাদমেলত জর্জিয়েভাই কয়, ‘এইটো স্পষ্ট যে আমি এনেকুৱা এটা মন্দাৱস্থাত প্রৱেশ কৰিছোঁ যিটো ২০০৯ চনৰ মন্দাৱস্থাতকৈও বেছি শোচনীয় হ’ব৷’ তেওঁ কয় যে ঘাইকৈ কম আয়ৰ ৮০খনৰো অধিক দেশে ইতিমধ্যে আই এম এফৰ পৰা জৰুৰী সাহায্য বিচাৰি অনুৰোধ জনাইছে৷ তেওঁ কয় যে ২০২০ আৰু ২০২১ চনৰ বাবে বিকাশৰ সম্ভাৱনা আই এম এফে পুনৰ মূল্যায়ন কৰিছে৷
বর্তমানৰ মন্দাৱস্থা ২০০৯ চনতকৈও শোচনীয়৷ যদি সকলোতে কৰ’না ভাইৰাছ নিয়ন্ত্রণ কৰিবলৈ আৰু নগদ ধনৰ সমস্যা দূৰ কৰিবলৈ আন্তঃৰাষ্ট্রীয় সম্প্রদায় সফল হয় তেতিয়াহে ২০২১ চনত অর্থনীতিৰ উন্নতি সম্ভৱ হ’ব৷ জর্জিয়েভাই কয় যে নৱ উত্থিত বজাৰবোৰত সমগ্রিক বিত্তীয় প্রয়োজন ২.৫ ট্রিলিয়ন ডলাৰ বুলি আই এম এফে আনুমানিক হিচাপ কৰিছে৷ কিন্তু এইটো নূ্যনতম আনুমানিক হিচাপহে৷ তাতকৈ বেছিও হ’ব পাৰে৷
Comments