বিগত বর্ষত চীনত কৰ’না ভাইৰাছৰ আচম্বিতভাৱে উদ্ভৱ হোৱাৰ এমাহৰো কম সময়ৰ ভিতৰত ইয়াৰ সংক্রমণে মহামাৰীৰ ৰূপ ধাৰণ কৰিলে৷ মার্চ, ২০২০ত এতিয়া সমগ্র বিশ্বৰ বাবে এই ভাইৰাছ তীব্র ভীতি আৰু আতংক৷ বিশ্ববাসীয়ে ইতিহাসত কেইবাটাও মহামাৰীৰ সংহাৰী আৰু ভয়ংকৰ ৰূপ প্রত্যক্ষ কৰিলে৷ কিন্তু সম্প্রতি এই ৰহস্যাবৃত, মাৰাত্মক কৰ’না ভাইৰাছৰ (Covid-19) সংক্রমণৰ দিশটো আমি পৃথক দৃষ্টিভংগীৰে বিবেচনা কৰিব লাগিব৷
কাৰণ তাৎপর্যপূর্ণ কথাটো হ’ল উত্তৰ আধুনিকতাবাদী ইণ্টাৰনেট আৰু ছ’চিয়েল মিডিয়াৰ যুগত কৰ’না (Covid-19) প্রথমটো সংক্রামক ভাইৰাছ৷ ভাৰতকে ধৰি সমগ্র বিশ্ব এতিয়া এই ভাইৰাছ সক্রমণ প্রতিৰোধ কৰাৰ বাবে ব্যস্ত আৰু ইয়াৰ ভৱিষ্যৎ ফলাফল কি হ’ব পাৰে, সেই বিষয়ে চিন্তা-ভাবনা কৰিবলৈ আহৰি নাই৷ বহুতৰ মনত এই প্রশ্নও উদয় হ’ব পাৰে যে চীন দেশৰ ওপৰত ইয়াৰ প্রভাৱ কেনেধৰণৰ হ’ব? এই ভাইৰাছে চীনক বিশ্বত সর্বশক্তিমান ৰাষ্ট্রলৈ পর্যৱসিত হোৱাৰ সপোন ধূলিসাৎ কৰিব নেকি?
অন্যতম শক্তিশালী ৰাষ্ট্র ৰাছিয়াৰ আন্তঃৰাষ্ট্রীয় ওখ টেবুলত আৰোহণ কৰি থকাৰ আশাও মষিমূৰ কৰিব নেকি? নতুবা ইউৰোপ মহাদেশখনে বিশ্বৰ অপ্রতিদ্বন্দ্বী শক্তিৰ মর্যাদা হেৰুৱাব নেকি? অন্যহাতে বিশ্বায়নৰ ওপৰত ভৱিষ্যতে কেনেধৰণৰ প্রভাৱ পৰিব? কৰ’না ভাইৰাছ হয়তো কেৱল এবিধ মাৰাত্মক ভাইৰাছেই নহয়, এই ভাইৰাছ সমগ্র বিশ্বৰ বাবে এক সাৱধানবাণী৷
যিটো খবৰে ক্ষণিকৰ বাবে হ’লেও প্রতিজন সচেতন ব্যক্তিৰে দৃষ্টি আকর্ষণ কৰিব পাৰে, সেইটো হ’ল সমগ্র বিশ্বতে মহামাৰীৰ ৰূপ ধাৰণ কৰা কৰ’না ভাইৰাছৰ দ্বাৰা সৃষ্ট ৰোগৰ (Covid-19) উপস্থিতি পোন প্রথমবাৰৰ বাবে চিনাক্ত কৰা হয় চীনত ২০১৯ বর্ষৰ ১৭ নৱেম্বৰত৷ সেয়েহে এতিয়া চীনে সমগ্র বিশ্বতে আতংকৰ সৃষ্টি কৰা মাৰাত্মক কৰ’না ভাইৰাছ বিষয়ক কিছুমান কঠিন প্রশ্নৰ উত্তৰ দিয়া অতি প্রয়োজন আৰু সময়ৰ আহবান৷
প্রশ্ন হয়– যি সময়ত বিশ্বৰ অর্থনীতি কার্যতঃ স্থবিৰ হৈ পৰিছে, জনসাধাৰণে এক আতংকত নিঃসংগতাক আঁকোৱালি ল’ব লগা হৈছে আৰু ইয়াৰ কাৰণ এইটোৱেই হ’ব পাৰে নেকি যে বিশ্বৰ অন্যতম শক্তিশালী দেশখনে এই মাৰাত্মক ভাইৰাছ বিগত নৱেম্বৰ মাহতেই চিনাক্ত কৰাৰ পাছত প্রাৰম্ভিক তথ্য বা খবৰ কিয় বিশ্ববাসীক জনোৱা নাছিল? চলিত মাহৰ দ্বিতীয় সপ্তাহত চীনৰ চৰকাৰী মুখপাত্রই আমেৰিকাৰ সামৰিক বাহিনীক এই সংক্রমণৰ বাবে দোষাৰোপ কৰাৰ পাছতেই কৰ’না ভাইৰাছৰ প্রকৃতি আৰু উৎপত্তিৰ বিষয়ে সন্দেহ ঘনীভূত হ’বলৈ আৰম্ভ হয়৷
সেয়েহে এই ভাইৰাছ প্রতিৰোধৰ বাবেই বিশ্বই ইয়াৰ প্রকৃত উৎপত্তিৰ উৎস জনাটো নিতান্তই প্রয়োজন৷
কৰ’না ভাইৰাছৰ বিষয়ে চীনৰ প্রতিক্রিয়া আৰু সঁহাৰি দুটা পর্যায়ত পৰিদৃষ্ট হৈছে– (১) প্রথমতে, বিগত বর্ষত হুবেই প্রদেশত সংক্রমণৰ সংখ্যা বৃদ্ধি হোৱাৰ পাছত চীনে এই বিষয়ে অস্বীকাৰ কৰি আহিছে৷ হয়তো এই কাৰণেই অন্য দেশৰ নাগৰিক চীনত কৰ’না ভাইৰাছৰ দ্বাৰা আক্রান্ত হ’ল আৰু সংক্রমণ উৎপত্তিস্থলৰ পৰা এই ভাইৰাছ বিশ্বৰ বিভিন্ন দেশলৈ কঢ়িয়াই নিলে৷
(২) দ্বিতীয়তে, যেতিয়া চীনে উপলব্ধি কৰিলে যে দেশখনে কৰ’না ভাইৰাছ সংক্রমণক বাধা দিব নোৱাৰে, তেতিয়া নিজৰ দেশৰ আক্রান্ত নাগৰিকসকলক গৃহবন্দীকৰি এই ভাইৰাছ সংক্রমণৰ তথ্য আৰু প্রজাতিৰ বিষয়ে পৃথিৱীবাসীক জানিবলৈ দিয়ে৷ স্বাভাৱিকতেই প্রশ্ন হয়– কিয় চীনে তাৎক্ষণিক আৰু তৎপৰতাৰে এই কৰ’না ভাইৰাছৰ আৱির্ভাৱৰ বিষয়ে বিশ্ববাসীক জানিবলৈ নিদিলে?
এই কথাও অনুধাৱন কৰা বাঞ্ছনীয় যে ২০০২ বর্ষৰ নৱেম্বৰ মাহত দক্ষিণ চীনৰ হুৱাংদং প্রদেশত জন্তুৰ পৰা ভাইৰাছ সংক্রমণৰ ফলত ৮০০০ নাগৰিক আক্রান্ত হৈছিল৷ এতিয়া এই সংক্রমণৰ দুটা দশকৰ পাছত চীনে কৰ’না ভাইৰাছ সম্পর্কে কিছুমান কঠিন প্রশ্নৰ উত্তৰ দিয়া অতি প্রয়োজন৷
২১ শতিকাৰ আৰম্ভণি হৈছিল চীনৰ চকুত লগা আর্থিক বিকাশ, বাণিজ্যৰ সম্প্রসাৰণ আৰু বিত্ত বিষয়ক সাফল্যৰ মাজেদি৷ চীনে সকলো দিশৰ পৰাই এক মধুৰতম সময় অতিবাহিত কৰি থকাৰ সময়তেই ৰহস্যাবৃত কৰ’না ভাইৰাছে দেশখনৰ অজেয় উত্থানত এক মোক্ষম আঘাত কৰিলে৷ চীনৰ গর্ভত জন্মলাভ কৰা এই মাৰাত্মক, ৰহস্যাবৃত ভাইৰাছ সম্প্রতি অপ্রত্যাশিতভাৱে বিশ্ব ত্রাসৰ কাৰণ হৈ পৰিল৷
সেয়েহে, চীন হৈছে বিশ্বায়নৰ (Globalization) প্রভাৱত ‘এক গাঁৱ’লৈ ৰূপান্তৰিত হোৱা বিশ্বত মেলি দিয়া এই অচিনাক্ত ভাইৰাছৰ প্রথম নির্মাণকাৰী, বিতৰণকাৰী আৰু উপভোক্তা৷ এতিয়া এই ভাইৰাছে মানৱ জাতিৰ শাৰীৰিক স্বাস্থ্য আৰু মনৰ শান্তিৰ প্রতি চৰম ভাবুকি কঢ়িয়াই আনিলে৷ সাম্প্রতিক সময়ত কৰ’না ভাইৰাছে আমাৰ মাজত সৃষ্টি কৰিছে কিছুমান গুৰুত্বপূর্ণ আৰু উদ্বেগজনক সন্দেহ আৰু প্রশ্নৰ৷ আপুনি ভাবকচোন এই মাৰাত্মক, ৰহস্যাবৃত কৰ’না ভাইৰাছ ৰাসায়নিক বা জৈৱিক যুদ্ধৰ লগত সম্পর্কিত হৈ আছে নেকি? আকৌ কল্পনা কৰকচোন এই ‘চীনা ভাইৰাছ’ কেৱল এবিধ ভাইৰাছেনে? এনেধৰণৰ কিছুমান সম্ভাৱনীয়তাৰ বিষয়ে প্রশ্ন বা সন্দেহ স্বাভাৱিকতেই উদয় হ’ব পাৰে৷
কোনেও হয়তো এই কল্পনা কৰা নাছিল যে সহস্রাব্দৰ তৃতীয় দশকৰ (২০১৯-২০২৯) আৰম্ভণিতেই ভাৰতেও কৰ’না ভাইৰাছৰ ৰূপত এক অচিনাকি প্রত্যাহবান আৰু আতংকৰ সন্মুখীন হ’ব লাগিব৷ বিশ্বৰ দ্বিতীয় সর্বাধিক জনসংখ্যাৰ দেশ হিচাপে ভাৰত যথেষ্ট শংকিত আৰু এই ভাইৰাছ সংক্রমণৰ প্রভাৱৰ পৰা মুক্ত হ’বলৈ দেশখনক এক দীঘলীয়া সময়ৰ প্রয়োজন হ’ব৷ ইতিমধ্যে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে অহা ১৪ এপ্রিললৈকে ১৩০ কোটিৰো অধিক জনসংখ্যাৰ আমাৰ দেশখনত সম্পূর্ণৰূপে লকডাউন ঘোষণা কৰিছে আৰু এই ২১ দিনীয়া সময়ছোৱা কেন্দ্রীয় চৰকাৰ, ৰাজ্য চৰকাৰসমূহ আৰু জনসাধাৰণৰ বাবে এক অগ্নিপৰীক্ষা৷ Covid-19 এ বিশ্বৰ অর্থনৈতিক দৃশ্যপটকেই সলনি কৰি দিব পাৰে৷
এই ভাইৰাছ বিশ্বৰ অর্থনীতিৰ ওপৰত এক প্রচণ্ড আঘাত৷ পূর্বতে ইতিহাসত এই ভাইৰাছৰ অৱস্থিতিৰ বিষয়ে এনে লিপিবদ্ধ কথা বা দৃষ্টান্ত নাই, যাৰ সহায়ত মানৱ জাতিয়ে ইয়াৰ সম্ভাব্য প্রভাৱৰ বিষয়ে এক মূল্যাংকন কৰিব পাৰিব৷ এই কথা কল্পনা কৰিবলৈ যথেষ্ট কঠিন হ’ব যে যি সময়ত আজিৰ নব্য উদাৰীকৃত ডিজিটেল যুগত মানুহে চিকিৎসা বিজ্ঞান, তথ্য আৰু প্রযুক্তিবিদ্যা, কৃত্রিম বুদ্ধিমত্তা, ৰবট্রিক্স আদি দিশত উল্লেখনীয় অগ্রগতি লাভ কৰিছে, সেই সময়তেই মানৱ জাতি এটা সংক্রামক ভাইৰাছৰ ভেদ্য হোৱাৰ যোগ্যতা অর্জন কৰি আতংকত স্তব্ধ হৈ পৰিছে৷
আপুনি হয়তো এই কল্পনা কৰা নাছিল যে চকুৰে মণিব নোৱৰা এক ক্ষুদ্র ভাইৰাছে বিশ্বৰ সর্বশক্তিমান ৰাষ্ট্রসমূহক কঁপাই তুলিব, কেৱল ভাইৰাছ সংক্রমণৰ সার্বজনীন ভয় আৰু আতংকৰ বাবেই নিউয়র্ক, পেৰিছ, লণ্ডন, ফ্রেংকফুর্ট, দিল্লী, মুম্বাই আদি বিশাল মহানগৰসমূহৰ জনজীৱন শূন্য হৈ পৰিব বা সামগ্রিক জীৱন যাত্রা ব্যাহত হ’ব৷
কৰ’না ভাইৰাছৰ সংক্রমণৰ সমস্যাই বিশ্বৰ অর্থনীতিৰ গতি-প্রকৃতিৰ ওপৰত বিৰূপ প্রভাৱ পেলাব, কাৰণ সমগ্র বিশ্বৰ যোগাযোগ বা যোগানকাৰী শিকলিডালেই ক্ষতিগ্রস্ত হৈছে আৰু আন্তঃৰাষ্ট্রীয় কার্যসূচীসমূহ বাতিল কৰা হৈছে৷ ভাৰতীয় অর্থনীতিবিদসকলে জানুৱাৰী-মার্চ আৰু পৰৱর্তী বিত্তীয় বর্ষত আর্থিক বিকাশৰ পথত বাধাৰ সৃষ্টি কৰিববুলি শংকা প্রকাশ কৰিছে৷ ভাৰত চৰকাৰে চলিত বিত্তীয় বর্ষত ৫ শতাংশ বিকাশৰ হাৰ নির্ধাৰণ কৰিছিল আৰু এই বিকাশৰ হাৰ পৰৱর্তী এপ্রিল ২০২০-২১ বর্ষত ৬ শতাংশ অতিক্রম কৰি ৬.৫ শতাংশ লক্ষ্যত উপনীত হ’ব বুলি ধার্য কৰিছিল৷
কৰ’না ভাইৰাছ সংক্রমণ সংকটৰ ফলত দেশত এতিয়া নির্মাণকাৰী উদ্যোগ, ৰিয়েল এ’ষ্টেইট৲, শ্রম, পর্যটন, হোটেল, বিমান, ৰে’লৱে, ক্রীড়া, বস্ত্র, অট’ম’বাইল, চলচিচত্র আদিকে ধৰি বিভিন্ন খণ্ডৰ এক নিম্নগামী বা পাকখোৱা গতি পৰিলক্ষিত হৈছে৷ বিভিন্ন বাণিজ্যিক প্রতিষ্ঠানসমূহ বন্ধ কৰি দিব লগা হৈছে আৰু ভাৰতীয় ষ্টক মার্কেটত ইয়াৰ বিৰূপ প্রভাৱ পৰিছে৷ ফার্মা আৰু ইলেকট্রনিকছ৲ খণ্ডত কৰ’না সংক্রমণৰ প্রভাৱ পৰিদৃষ্ট হ’ব পাৰে,
কাৰণ দেশৰ জি ডি পি বিকাশৰ হাৰ নিম্নগামী হোৱাৰ সম্ভাৱনা বিৰাজমান৷ আটাইতকৈ উল্লেখযোগ্য কথা হ’ল যে কর্মসংস্থাপনহীনতা এক অন্যতম বৃহৎ প্রত্যাহবান ৰূপে থিয় হৈ থকাৰ সময়তে কৰ’না সংক্রমণে দেশৰ বিশেষকৈ অসংগঠিত খণ্ডত বহু লোকক কর্মসংস্থানহীন কৰি তোলাৰ আশংকাৰ সৃষ্টি কৰিছে৷ বিমুদ্রাকৰণৰ পৰৱর্তী সময়ৰ দৰেই এই সংকটে সংগঠিত আৰু অসংগঠিত খণ্ডৰ শ্রমিক- কর্মচাৰীসকলৰ ওপৰতো এক সুদূৰপ্রসাৰী প্রভাৱ পেলাব পাৰে৷
কৰ’না ভাইৰাছ সংক্রমণে অর্থনীতি আৰু ৰাজনীতিৰ পৰা ধৰি সমাজ আৰু সংস্কৃতিৰো স্থিতাৱস্থাত আঘাত কৰিছে৷ আনকি এই প্রশ্নৰো উদয় হৈছে যে সম্প্রতি বিশ্বায়ন (Globalization) কৰ’নাৰ আঘাতৰ পৰা বাচি থাকিবনে? কৰ’নাৰ আচম্বিত আৱির্ৱৰ পূর্বেই বিশ্বত বিশ্বায়ন- বিৰোধী এক প্রৱণতা জাগি উঠিছিল৷ ইতিমধ্যে এক বিন্যাস ‘প্রথমতে ৰাষ্ট্র’– এই নীতিয়ে বিশ্বায়নৰ প্রতি এক অতৃপ্তিকৰ বার্তা প্রেৰণ কৰিছে৷ কৰ’না ভাইৰাছ সংক্রমণ এক গোলকীয় সমস্যা আৰু বিশ্ব স্বাস্থ্য সংস্থাই (WHO) এই ভাইৰাছ প্রতিৰোধৰ বাবে সকলো ৰাষ্ট্রৰ মাজত সমন্বয়ৰ আহবান জনাই আহিছে যদিও বাস্তৱ ক্ষেত্রত সেইটো সম্ভৱ হৈ উঠা নাই৷
প্রতিখন ৰাষ্ট্রই নিজেই এই বোজা বহন কৰি ঘৰুৱা সম্পদ, পদ্ধতি আৰু ৰাজনৈতিক পচন্দমতেই নাগৰিকসকলক সুৰক্ষা দিব লগা হৈছে৷ কৰ’না ভাইৰাছ সংক্রমণে মানুহ, মূলধন, বাণিজ্য, কেঁচামাল, বিনিয়োগ আদিৰ বিশ্বব্যাপী সঞ্চালন বা সৰবৰাহত যতি পেলাই বিশ্বায়নৰ প্রতি ভাবুকি কঢ়িয়াই আনিছে৷ বিগত দশকটোত বিশ্বায়নৰ কিছুমান অমানৱীয় প্রৱণতাৰ বিৰুদ্ধে বিশ্বৰ বিভিন্ন দেশৰ নাগৰিকে মত প্রকাশ কৰিছিল, উদাৰীকৃত বিশ্বায়ন সামগ্রিক বিকাশ আৰু জীৱন ধাৰণৰ বাবেও বিপজ্জনক বুলি মত পোষণ কৰিছিল৷
বহুতে চীনে বিশ্বায়নৰ সু-ফল নিজ দেশৰ মাজতে আবদ্ধ ৰাখি ইয়াৰ কু-ফল যেনে পৰিৱেশ প্রদূষণ, ব্যাধি (ভাইৰাছ) আদি অভ্যন্তৰৰ পৰা বাহিৰলৈ মেলি দিলে বুলি ক’বলৈ বিচাৰে৷ কৰ’না ভাইৰাছ সংক্রমণৰ সংকট হয়তো চীনৰ এক ভুল বা ত্রুটী়, কিন্তু এইটো ইতিমধ্যে সংকটৰ সন্মুখীন হোৱা উদাৰীকৃত বিশ্বায়নৰ প্রতিও এক সাৱধানবাণী৷ বিশ্বায়নত সঁচাকৈয়ে চেকা বা দাগ লাগিছ়ে, কিন্তু প্রশ্ন হয়– এতিয়া বিশ্বায়নৰ পৰিপন্থী কার্যপন্থা গ্রহণ কৰিলে পৰিস্থিতি নিৰাময় হ’বনে বা অধিক অৱনতিহে হ’ব? অন্যহাতে কৰ’না ভাইৰাছ সংক্রমণ যদি গোলকীয় সমস্যা বুলি বিবেচনা কৰা হয়, তেনেহ’লে ইয়াৰ গোলকীয় সমাধানৰ প্রয়োজন৷
এক প্রেক্ষাপটত সময়ৰ আহবান হ’ব পাৰে– কৰ’না ভাইৰাছ প্রতিৰোধৰ বাবে বিশ্বৰ ৰাষ্ট্রসমূহৰ মাজত অধিক আন্তর্জাতিক সহযোগিতা, সমন্বয় আৰু সংহতিৰ৷ কৰ’না ভাইৰাছ সংক্রমণ প্রতিৰোধৰ বাবে তাৎক্ষণিক আৰু অপ্রত্যাশিতভাৱে প্রয়োজন হৈ পৰা স্বাস্থ্য বিষয়ক জৰুৰী বা আকস্মিক কার্যপন্থাই বিশ্বায়নৰ বিকল্প সন্ধানৰ বাট মুকলি কৰিব পাৰে, কিয়নো বিশ্বায়নে সমতা আৰু ন্যায়ৰ পৰীক্ষাত বিফল হোৱা পৰিলক্ষিত হৈছে৷
অন্য এক উল্লেখযোগ্য বিষয় হ’ল যে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে আকৌ এবাৰ প্রমাণ কৰি দেখুৱালে যে ভাৰতৰ বিদেশ নীতিত যদি কিবা নিশ্চয়তা আছে, সেইটো হ’ল অনিশ্চয়তা৷
পৰম্পৰাগত প্রট’কল বা কূটনৈতিক কর্ম-পদ্ধতি পৰিহাৰ কৰি কৰ’না ভাইৰাছৰ সংক্রমণ মোকাবিলা কৰাৰ বাবে প্রধানমন্ত্রী মোদীয়ে ছার্ক দেশসমূহৰ নেতাসকলৰ মাজত এখন ভিডিঅ’ কনফাৰেন্স অনুষ্ঠিত কৰিবলৈ প্রস্তাৱ দাঙি ধৰিলে৷ পাকিস্তানকে ধৰি ছার্কৰ অধিকাংশ দেশে এই আহবানৰ প্রতি তাৎক্ষণিক সঁহাৰি জনালে৷ হয়তো এই কূটনীতিৰ দ্বাৰা মোদীয়ে Neighbour First ‘প্রথমতে প্রতিৱেশী’ নীতিকে ঘোষণা কৰিলে৷ তেওঁ ঘোষণা কৰিব বিচাৰিলে যে ভাৰত কৰ’না প্রতিৰোধৰ বাবে সম্পূর্ণ সক্ষম, ভাৰতে চুবুৰীয়া দেশসমূহৰ লগত সহযোগিতা আৰু সমন্বয়েৰে কাম কৰিব বিচাৰে, এক গ্রহণযোগ্য কার্যপন্থা উদ্ভাৱন কৰি ছার্ক অন্তর্গত সকলো দেশে সন্মুখীন হোৱা এই বৃহৎ প্রত্যাহবানৰ মোকাবিলা কৰিব বিচাৰে৷
ইতিহাসত প্রমাণিত হৈছে যে বেয়া বা অশুভ দিন বা সময়ৰ মাজৰ পৰাই সর্বদা ভাল বা শুভ দিন বা সময়ৰ উদয় হয়৷ মানুহে প্রচেষ্টা অব্যাহত ৰাখে আৰু সময়ৰ গতিত হঠাতেই প্রয়োজনীয় উপায় বা কৌশল উদ্ভাৱন কৰে৷ প্রতিটো ধবংসৰ মাজতেই সুযোগ লুকাই থাকিব পাৰে আৰু অন্ধকাৰৰ মাজতো মানুহে আশাৰ ৰেঙনি দেখা পাব পাৰে৷ এই জটিল সন্ধিক্ষণত প্রতিজন ভাৰতীয় নাগৰিকে মনত ৰাখিব লগা সৰল অথচ আটাইতকৈ গুৰুত্বপূর্ণ কথাটো হ’ল– আতংক নহয়, সজাগতাৰহে প্রয়োজন, নিৰাময়তকৈ প্রতিৰোধ অধিক মংগলজনক৷
Comments