জনমভূমি নিউজ ডেস্ক, ২৮ এপ্ৰিল : খানাপাৰাস্থিত অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত অসমৰ মুঠ ৩৫ গৰাকী অৰ্থনীতিবিদৰ সৈতে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল এক আলোচনাত মিলিত হয়৷আলোচনাত স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, কৃষি মন্ত্ৰী অতুল বৰা, পৰিবহন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী আৰু সমাজ কল্যাণ বিভাগৰ মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্ম উপস্থিত থাকে৷আলোচনাত অৰ্থনীতিবিদসকলৰ পৰা পৰামৰ্শ গ্ৰহণ কৰে ৰাজ্য চৰকাৰৰ মন্ত্ৰীসকলে।
আলোচনাৰ পাছত সংবাদমাধ্যমৰ আগত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় যে, "অৰ্থনীতিবিদসকলে শীঘ্ৰেই অৰ্থনৈতিক কাম কাজ আগবঢ়াবলৈ পৰামৰ্শ দিছে৷১০০ দিনীয়া কৰ্মসূচী লোৱাৰ পৰামৰ্শ দিছে৷সম্ভাৱনা থকা সকলো ক্ষেত্ৰত বিনিয়োগৰ পৰামৰ্শ দিছে অৰ্থনীতিবিদসকলে৷যিবোৰ ছেক্টৰত ব্যয় কৰিব লাগে তাত প্ৰায়'ৰিটী ভিত্তিত ব্যয়ৰ পৰামৰ্শ দিছে৷ ব্লক পৰ্য্যায়লৈকে টাক্স ফৰ্চ গঠনৰ কথা অৰ্থনীতিবিদসকলে কৈছে বুলি সদৰী কৰি তেওঁ লগতে কয়, আমি আমাৰ অৰ্থনৈতিক ব্যৱস্থা টনকিয়াল কৰিব পাৰিম।আমাৰ যুৱ প্ৰজন্মৰ মাজত দৃঢ়তা আৰু সংকল্প আছে।আমাৰ জলবায়ু আৰু মাটিৰ উৰ্বৰতা আছে।এই আটাইবোৰৰ আমি সদব্যৱহাৰ কৰিব লাগিব।
Comments