যিখন ৰাজ্যত কথাই কথাই শংকৰ-আজানৰ সম্প্রীতিৰ কথা কোৱা হয়, যিখন ৰাজ্যত ধর্মনিৰপেক্ষতাৰ নামত কথাই কথাই ৰাজনীতি হয়, সেইখন ৰাজ্যত তাকো তথাকথিত সাংস্কৃতিক ৰাজধানী যোৰহাটৰ মাজ মজিয়াৰ বৰেণ্য অসমীয়া বাগ্মীবৰ নীলমণি ফুকনৰ গোসাঁই ঘৰটো বর্তমান পৰিণত হৈছে একাংশ সন্দেহজনক নাগৰিকৰ শৌচাগাৰত৷
কেৱল ইমানেই নহয়, অসম সাহিত্য সভাৰ দুবাৰকৈ সভাপতিৰ আসন শুৱনি কৰা এই বৰেণ্য সাহিত্যিক-মুক্তিযোদ্ধাজনৰ বৈঠক খানাটো ৰূপান্তৰিত হৈছে অবৈধ সুৰাৰ খালী বটল জমা কৰা গুদামত৷ আটাইতকৈ আশ্চর্যজনক কথা এয়ে যে নগৰখনৰ মাজমজিয়াৰ নিউভিল ৰ’ডত থকা ৪ বিঘাৰো অধিক মাটি দখল কৰি সন্দেহজনক নাগৰিকৰ আড্ডা পাতিছে একাংশ অনা অসমীয়া বেপাৰীয়ে৷
ইয়াকে দেখি হয়তো ৰাজ্যত দুগ্ধ বিপ্লৱৰ হোতা, যোৰহাটৰ পৰা প্রকাশিত প্রথমখন বাতৰি কাকতৰ সম্পাদক ককা নীলমণি ফুকনৰ আত্মাই কৈ উঠিছে –উলংগ দেশত কাম কি ধোবাৰ৷ উল্লেখযোগ্য, নিউভিল ৰ’ডত থকা বাগ্মীবৰ নীলমণি ফুকনৰ মাটিখিনি বেদখলমুক্ত কৰি উক্ত স্থানত জিলাখনৰ বৃহৎ সংখ্যক নিবনুৱাক সংস্থাপন দিবৰ বাবে যোৰহাট উন্নয়ন প্রাধিকৰণে এক অভিলাষী আঁচনি গ্রহণ কৰিছিল৷
৩৬ কোটি টকা ব্যয় সাপেক্ষে ৰূপায়িত হ’ব লগা এই আঁচনিৰ ‘কনচেণ্ট পেপাৰত’ কেন্দ্রীয় চৰকাৰে অনুমোদন জনাইছিল৷ কেন্তু বিশিষ্ট সাহিত্যিকজনৰ আত্মা স্বৰূপ তেওঁৰ বাসগৃহসহ মাটিখিনি বেদখলমুক্ত কৰি ইয়াত ৰূপায়িত হ’ব লগা প্রকল্পটোৰ ডি পি আৰ প্রস্তুত হোৱাৰ কাম আৰম্ভ হওঁতেই যোৰহাট উন্নয়ন প্রাধিকৰণৰ তদানীন্তন সভাপতি পদ্মনাথ শর্মাৰ মৃত্যু ঘটাত সমগ্র পৰিকল্পনাটোৱেই গাপ পৰি যায়৷
যিখন যোৰহাটৰ কল্যাণৰ বাবে নীলমণি ফুকনে নিজৰ যৌৱনেই উচর্গা কৰি দিছিল, সেইখন যোৰহাটত এতিয়াও তেওঁৰ ঘৰ সন্দেহজনক নাগৰিকৰ আড্ডা এতিয়াও অপৰিবর্তিত হৈয়ে আছে৷ পিছে শেহতীয়াকৈ উন্নয়ন প্রাধিকৰণৰ সভাপতিৰ দায়িত্ব লোৱা প্রশান্তজ্যোতি গোস্বামীয়ে এই প্রকল্পটোৰ কাম আগবঢ়াই নিবলৈ সিদ্ধান্ত গ্রহণ কৰিছে৷
গোস্বামীয়ে কয় যে ইতিমধ্যেই সাহিত্যিকজনৰ পৰিয়ালৰ লগত মাটিখিনি উন্নয়ন প্রাধিকৰণে ক্রয় কৰা সম্পর্কত কেইবালানিও আলোচনা হৈছে আৰু এই আলোচনাৰ ফল সম্পূর্ণৰূপে যোগাত্মক হৈছে৷ গতিকে উন্নয়ন প্রাধিকৰণৰ সভাপতিজনে পূর্বৰ আঁচনিখন পুনৰ পর্যালোচনা কৰি নতুনকৈ প্রস্তুত কৰাৰ কাম আৰম্ভ কৰিবলৈ নির্দেশ দিছে বুলি জনায়৷
Comments