নতুন দিল্লী, ১২ মে': ‘লকডাউন আৰু বৃদ্ধি কৰাটো দেশৰ অৰ্থনীতিৰ বাবে আত্মঘাতী হ’ব পাৰে।’ এই অভিমত ব্যক্ত কৰিছে দেশৰ বিশিষ্ট উদ্যোগপতি আনন্দ মহিন্দ্ৰাই। লকডাউন পুণৰ বৃদ্ধি কৰা নকৰাক লৈ দেশত ব্যাপক চৰ্চা চলি থকাৰ সময়তে বিশিষ্ট উদ্যোগপতিজনে টুইটাৰ যোগে প্ৰকাশ কৰিছে যে, লকডাউন বৃদ্ধি কৰিলে সমাজৰ নিম্ন স্তৰৰ লোকসকল আৰু অধিক ভীষণ সমস্যাৰ সন্মুখীন হ’ব।
আনহাতে, লকডাউনৰ ম্যাদ আৰু বৃদ্ধি কৰাটো দেশৰ অৰ্থনীতিৰ বাবেও আত্মঘাতী প্ৰমাণিত হ’ব পাৰে। তেওঁৰ মতে, যোৱা কিছু দিনৰ পৰা নতুন ৰোগীৰ সংখ্যা বহু পৰিমাণে বৃদ্ধি পাইছে। অৱশ্যে স্বাস্থ্য পৰীক্ষা বৃদ্ধিৰ ফলত নতুন সংক্ৰমণৰ ঘটনা পোহৰলৈ অহাটো স্বাভাবিক বুলি মত ব্যক্ত কৰি তেওঁ লগতে প্ৰকাশ কৰিছে যে, কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে লকডাউনে সহায় কৰা নাই। ভাৰতে ঐক্যবদ্ধ ভাবে যুঁজ দি লক্ষাধিকৰ লোকক মৃত্যুৰ পৰা ৰক্ষা কৰিছে। উল্লেখযোগ্য যে, ইয়াৰ পূৰ্বে দেশৰ আন দুজন উদ্যেগপতি এন আৰ নাৰায়ণ মুৰ্তি আৰু ৰাহুল বাজাজেও লক ডাউন বৃদ্ধি কৰাৰ বিৰোধিতা কৰিছিল।
Comments