টীয়ক, ৮ মে': স্থায়ী শৌচাগাৰ নথকাত মুকলিলৈ বুলি ওলাই যোৱা কমলপুৰ চাহ বাগিচাৰ এগৰাকী ষোল্ল বছৰীয়া কিশোৰীৰ আজি পুৱা বজ্ৰাঘাতত মৃত্যু হয় । নিহত কিশোৰীগৰাকী যোৰহাট জিলাৰ লাহদৈগড় আৰক্ষী চকীৰ অন্তৰ্গত কমলপুৰ চাহ বাগিচাৰ মণিৰাম চাওঁৰাৰ কন্যা ৰূপালী চাওঁৰা ।
জিলাখনৰ মধ্য যোৰহাট উন্নয়ন খণ্ডৰ অন্তৰ্গত জতকীয়া বাগান পঞ্চায়তৰ এই এলেকাত অদ্যপি অনাময় শৌচাগাৰ সম্পূৰ্ণ হৈ নুঠাৰ ফলত এই গৰাকী কিশোৰীয়ে অকালতে জীৱন হেৰুৱাব লগা হ'ল বুলি চৰ্চা আৰম্ভ হৈছে ।
Comments