Cartoon
View Older
মহানগৰ বু্যৰ’, ৮ জুন ঃ বিশ্ব পৰিৱেশ দিৱস উপলক্ষে পাঁচ জুনত ডাউন টাউন হস্পিটেলে সামাজিক দায়বদ্ধতাৰ প্রতি লক্ষ্য ৰাখি বৃহত্তৰ গড়ভঙা অঞ্চলৰ গড়ভঙা পাৰিজাত একাডেমিত শিক্ষার্থীৰ বাবে উন্নতমানৰ এটা শৌচাগাৰ নির্মাণ কৰি মুকলি কৰে৷ এই শৌচাগাৰৰ পৰা শিক্ষানুষ্ঠানখনৰ মুঠ ৬০গৰাকী শিক্ষার্থী উপকৃত হ’ব৷
এই উপলক্ষে অনুষ্ঠিত এক অনুষ্ঠানত গড়ভঙা পাৰিজাত একাডেমীৰ প্রতিষ্ঠাপক উত্তম টেৰণ, ডাউন টাউন হস্পিটেলৰ কাৰিকৰী বিষয়া দেৱকান্ত গগৈ, জনসম্পর্কৰক্ষী বিষয়া ময়ূৰী বৰা আৰু দিব্যজ্যোতি বৰাৰ লগতে শিক্ষানুষ্ঠানখনৰ শিক্ষক-শিক্ষয়িত্রী আৰু কর্মচাৰীসকল উপস্থিত থাকে৷ ডাউন টাউন হস্পিটেলৰ এই পদক্ষেপক বিদ্যালয় কর্তৃপক্ষই কতৃজ্ঞতা জনাইছে৷ গড়ভঙা পাৰিজাত একাডেমীখন মহানগৰৰ লখৰাৰ পৰা প্রায় ১৭ কিল’মিটাৰ নিলগৰ গড়ভঙা অঞ্চলত অৱস্থিত৷
Comments