ডিব্রুগড় ঃ ষ্টাফ ৰিপ’র্ৰ, ২০ জুন ঃ তেজপুৰত থকা কলাগুৰু বিষ্ণু ৰাভা সমাধিক্ষেত্র সংৰক্ষণ কৰাৰ লগতে ইয়াক আটকধুনীয়াকৈ নির্মাণ কৰিব ৰাজ্য চৰকাৰে৷ কলাগুৰুৰ আপুৰুগীয়া সম্পদৰাজি সংৰক্ষণৰ বাবেও এটা সংগ্রহালয় নির্মাণ কৰা হ’ব৷
আজি অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত আৰু ডিব্রুগড় জিলা প্রশাসনৰ সহযোগত ডিব্রুগড়ৰ শ্রীশ্রী আউনীআটী শাখা সত্রৰ প্রেক্ষাগৃহত আয়োজিত বিষ্ণু ৰাভা দিৱসৰ কেন্দ্রীয় অনুষ্ঠানত ভাষণ দি মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে এই ঘোষণা কৰে৷ এই অনুষ্ঠানতে মুখ্যমন্ত্রীগৰাকীয়ে বিশিষ্ট চিত্রশিল্পী কন্দর্প নাথ শর্মা আৰু নৃত্যশিল্পী ঝর্ণা শইকীয়ালৈ ২০২০ বর্ষৰ বিষ্ণু ৰাভা বঁটা আগবঢ়ায়৷
বঁটাত আছে এখন প্রশস্তি-পত্র, শৰাই, অংগবস্ত্র আৰু ২ লাখ টকাৰ চে’ক৲৷ মুখ্যমন্ত্রীয়ে কয় যে ৰাজ্যৰ সাংস্কৃতিক জীৱনধাৰালৈ অমূল্য বৰঙনি আগবঢ়োৱা এইগৰাকী শিল্পীক নতুন প্রজন্মৰ মাজলৈ লৈ গৈ তেওঁৰ জীৱন দর্শন আৰু সৃষ্টিৰাজিৰ উপযুক্ত প্রচাৰ আৰু প্রসাৰৰ বাবে আমি চেষ্টা কৰিব লাগিব৷
অনুষ্ঠানত ভাষণ দি মুখ্যমন্ত্রীয়ে কয় যে ৰাজ্যৰ সাংস্কৃতিক জীৱনৰ এইগৰাকী পুৰোধা ব্যক্তিৰ নামত উদ৲যাপিত দিৱসটি মাথোঁ ৰাজ্যৰ ভিতৰতে সীমাবদ্ধ ৰখা উচিত নহয়৷ চাওলুং চু্যকাফা, স্বামী বিবেকানন্দ আদিৰ প্রসংগ উল্লেখ কৰি মুখ্যমন্ত্রীয়ে কয় যে এই মহাপুৰুষসকলৰ আদর্শ আৰু শিক্ষাই মানৱ জাতিক এক বিশ্বজনীন শিক্ষা প্রদান কৰিছে আৰু মানৱ জাতিক শক্তিশালী কৰাত একতাৰ ভূমিকাৰ বিষয়ে উপলব্ধি কৰাইছে৷
অনুষ্ঠানত ভাষণ দি মুখ্যমন্ত্রীৰ মিডিয়া উপদেষ্টা হূষীকেশ গোস্বামীয়ে বিষ্ণুপ্রসাদ ৰাভাৰ প্রতি গভীৰ শ্রদ্ধাঞ্জলি জ্ঞাপন কৰি কয় যে ৰাজ্যখনৰ সাংস্কৃতিক জীৱনলৈ এইগৰাকী শিল্পীয়ে অমূল্য বৰঙনি আগবঢ়াই গৈছে৷ বিষ্ণুপ্রসাদ ৰাভা, জ্যোতিপ্রসাদ আগৰৱালা আৰু ফণী শর্মাক ত্রিমূর্তি বুলি উল্লেখ কৰি মুখ্যমন্ত্রীৰ মিডিয়া উপদেষ্টাগৰাকীয়ে এই তিনিওগৰাকী শিল্পীয়ে সাংস্কৃতিক প্রমূল্যবোধেৰে অসমৰ জনসাধাৰণক জীৱনৰ মন্ত্র প্রদান কৰি যোৱা বুলি কয়৷
অনুষ্ঠানত ভাষণ দি সাংস্কৃতিক পৰিক্রমা বিভাগৰ মন্ত্রী নৱ কুমাৰ দলেই বিষ্ণু ৰাভাক আমাৰ সাংস্কৃতিক জীৱনৰ একতাৰ প্রতিভূ বুলি অভিহিত কৰে৷ এই অনুষ্ঠানত বিষ্ণু ৰাভা বঁটা প্রাপক শিল্পী দুগৰাকীয়েও কলাগুৰু বিষ্ণু ৰাভাদেৱৰ নামত অসম চৰকাৰে প্রদান কৰা বঁটা লাভ কৰি পোৱা আনন্দৰ অৱলোকনেৰে বক্তব্য আগবঢ়ায়৷ অনুষ্ঠানত কেন্দ্রীয় খাদ্য সংসাধন দপ্তৰৰ ৰাজ্যিক মন্ত্রী ৰামেশ্বৰ তেলী, বিধায়ক ঋতুপর্ণ বৰুৱা, সাংস্কৃতিক পৰিক্রমা বিভাগৰ সঞ্চালক বিষ্ণুকমল বৰাইও বিষ্ণু ৰাভাৰ জীৱনৰ বিভিন্ন দিশ আলোকপাতেৰে বক্তব্য আগবঢ়ায়৷
সাংস্কৃতিক মহাসভা, অসমৰ উদ্যোগত বিষ্ণু ৰাভা দিৱস পালন ঃ আজি কলাগুৰু বিষ্ণুপ্রসাদ ৰাভাৰ ৫১তম৲ স্মৃতি দিৱস সাংস্কৃতিক মহাসভা অসমৰ বিভিন্ন জিলা সমিতি আৰু আঞ্চলিক সমিতিসমূহেও বিভিন্ন কার্যসূচীৰে পালন কৰিছে৷ সাংস্কৃতিক মহাসভা অসমে অনুষ্টুপীয়া কার্যসূচীৰে কেন্দ্রীয়ভাৱে গুৱাহাটীস্থিত কেন্দ্রীয় কার্যালয়ত ৰাভা দেৱৰ স্মৃতি অনুষ্ঠান অনুষ্ঠিত কৰে৷
সাংস্কৃতিক মহাসভা অসমৰ সভাপতি পৱিত্র কুমাৰ শর্মাই শিল্পীগৰাকীৰ প্রতিচছবিত মাল্য প্রদান কৰাৰ লগতে বন্তি প্রজ্বলন কৰে৷ সম্পাদক প্রধান প্রদীপ কুমাৰ বৰা, সাংস্কৃতিক মহাসভাৰ কামৰূপ মহানগৰ জিলা সমিতিৰ সন্মানীয় সদস্য অনিল কুমাৰ ভূঞা, ৰীতামণি দেৱী বৰা, দিপালী বর্মনৰ লগতে অনামিকা বর্মনেও পুষ্পাঞ্জলি প্রদান কৰে৷
বিষ্ণু ৰাভাৰ কেইবাটিও গীত পৰিৱেশন কৰি অনুষ্ঠানক মনোগ্রাহী কৰি তোলে দীপ্নালিছা বৰাই৷ বাদ্য সংগত কৰে দিকমজিৎ বৰাই৷ কলাগুৰুৰ বন্দনাৰে মুখৰিত হ’ল ঊষানগৰী তেজপুৰ ঃ পংকজ বৰুৱা, তেজপুৰ ঃ জনতাৰ শিল্পী কলাগুৰু বিষ্ণুপ্রসাদ ৰাভাৰ স্মৃতি দিৱসৰ আজিৰ দিনটোত কলাগুৰুগৰাকীৰ কর্ম সাধনাৰ স্থলী তেজপুৰত বিভিন্ন অনুষ্ঠানেৰে কলাগুৰু বন্দনাৰে মুখৰিত কৰি তোলে৷
কভিড-১৯ মহামাৰীৰ বাবে চৰকাৰে জাৰি কৰা নীতি-নির্দেশনাৰ বাবে বর্ণাঢ্য কার্যসূচীৰ বিপৰীতে আজি পুৱাৰে পৰা কলাগুৰুৰ সমাধিৰ সমন্বয় ক্ষেত্র, তেজপুৰ সাহিত্য সভা, কলাগুৰু স্মৃতি বিজৰিত ঐতিহ্যমণ্ডিত বাণ থিয়েটাৰ, অসম চৰকাৰৰ সাংস্ৃকতিক পৰিক্রমা বিভাগৰ অধীনস্থ জ্যোতি ভাৰতী, অসমীয়া ভাষা উন্নতি সাধিনী সভা, গহণ উদ্যান সমিতি, সদৌ অসম লেখিকা সমাৰোহ সমিতি আদি বিভিন্ন অনুষ্ঠানে শ্রদ্ধাঞ্জলি আৰু স্মৃতিচাৰণেৰে কলাগুৰুগৰাকীলৈ গভীৰ শ্রদ্ধাঞ্জলি জ্ঞাপন কৰে৷
পুৱাই সমাধিৰ সমন্বয় ক্ষেত্রত পৰিচালনা সমিতিৰ তৰফৰ পৰা সম্পাদক পুতুল ৰাভা সমন্বিতে বিষয়ববীয়াসকলে শ্রদ্ধাঞ্জলি জনোৱাৰ পাছত কলাগুৰুৰ জ্যেষ্ঠ পুত্র পৃথ্বীৰাজ ৰাভাই শ্রদ্ধাঞ্জলি জ্ঞাপন কৰে৷ ইয়াৰ পাছতেই তেজপুৰ আঞ্চলিক ছাত্র সন্থাৰ সভাপতি অৰূপ তালুকদাৰ,
সম্পাদক দেৱাঞ্জন পাঠককে ধৰি তেজপুৰ আছুৰ বিষয়ববীয়াসকলৰ উপৰি তেজপুৰ জুবিনিয়ানৰ সদস্যসকল, প্রহ্লাদ চন্দ্র দাস স্মৃতি নৃত্যশালাৰ অধ্যক্ষা তথা নৃত্য শিল্পী দীপা দাসৰ লগতে শিক্ষার্থী একাংশই বিষ্ণুপ্রসাদ ৰাভাৰ গীতত নৃত্যৰে শ্রদ্ধাঞ্জলি জনোৱাৰ উপৰি অসম জাতীয় যুৱ সন্মিলন, জাতীয়তাবাদী যুৱ-ছাত্র পৰিষদ আদিয়ে শ্রদ্ধাঞ্জলি জনায়৷
ইয়াৰ পাছতেই অসম চৰকাৰৰ তৰফৰ পৰা চাহ জনজাতি কল্যাণ আৰু শ্রম বিভাগৰ মন্ত্রী সঞ্জয় কিষাণ উপস্থিত হৈ চৰকাৰৰ হৈ শ্রদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে শোণিতপুৰ আৰক্ষী প্রশাসনৰ তৰফৰ পৰা অতিৰিক্ত আৰক্ষী অধীক্ষক নোমল মাহাতাই শ্রদ্ধা জনায়৷
আনহাতে, তদানীন্তন কংগ্রেছ চৰকাৰৰ মুখ্যমন্ত্রী তৰুণ গগৈয়ে ঘোষণা কৰাৰ পাছতো আজিকোপতি কলাগুৰুগৰাকীৰ স্মৃতিত তেজপুৰত সংগ্রহালয় গঢ়ি নুঠাত কলাগুৰুৰস্মৃতি বিজৰিত সা-সামগ্রীসমূহ উৱলি যাবলৈ উপক্রম কৰা দিশটোৰ সন্দর্ভত উপস্থিত থকা বিভিন্ন অনুষ্ঠানৰ বিষয়ববীয়া, শিল্পী, কলা-কুশলী আৰু সাংবাদিকে দৃষ্টিগোচৰ কৰে মন্ত্রীগৰাকীক৷
আনহাতে, তেজপুৰ সাহিত্য সভাৰ উদ্যোগত অনুষ্ঠিত বিশেষ শ্রদ্ধাঞ্জলি আৰু স্মৃতিচাৰণ অনুষ্ঠান পতাকা উত্তোলনেৰে শুভাৰম্ভ কৰে সভাপতি ড০ ভূপেন শইকীয়াই৷ তেজপুৰ সাহিত্য সভাৰ সম্পাদক দেৱব্রত শর্মাই আঁত ধৰা অনুষ্ঠানটোত সাহিত্য সভা ভৱন প্রাংগণত থকা কলাগুৰুৰ আৱক্ষ মূর্তিত বন্তি প্রজ্বলনেৰে শ্রদ্ধাঞ্জলি অনুষ্ঠান শুভাৰম্ভ কৰে উপ-সভাপতি ৰুমা দেৱীয়ে৷
অনুষ্ঠানটোত বিশিষ্ট সংগীত শিল্পী তথা সাংস্ৃকতিক অনুষ্ঠান চাতকৰ সভাপতি অনিল কুমাৰ ভট্টাচার্যই স্মৃতিচাৰণ কৰি কয়– কলাগুৰু বিষ্ণুপ্রসাদ ৰাভাৰ জীৱন দর্শনৰ আজিও সঠিক মূল্যাংকন হ’বলৈ বাকী আছে৷ অনুষ্ঠানটোত তেজপুৰ সাহিত্য সভাৰ কোষাধ্যক্ষ পুলিন ভট্টাচার্য, সহকাৰী সম্পাদক পল্লৱ ভট্টাচার্য, কার্যনির্বাহকৰ সদস্য হেমন্ত কুমাৰ শর্মা, নবীন চন্দ্র লহকৰ, প্রাক্তন সম্পাদক পংকজ বৰুৱা, নাট্যশিল্পী অচু্যত শর্মা, জিলা সাহিত্য সভাৰ কার্যনির্বাহক সদস্য মহেন্দ্র কুমাৰ নাথ আদিয়েও শ্রদ্ধাঞ্জলি জ্ঞাপন কৰে৷
বাণ থিয়েটাৰৰ কার্যনির্বাহক সদস্য পংকজ বৰুৱাই আঁত ধৰা অনুষ্ঠানটোত সাধাৰণ সম্পাদক জিতুমণি দেৱচৌধুৰীয়ে কলাগুৰুগৰাকীৰ মহাপ্রয়াণৰ পিছৰ বর্ষৰ পৰাই বাণ থিয়েটাৰে বর্ণাঢ্য কার্যসূচীৰে এই স্মৃতি দিৱস উদ৲যাপন কৰি তেওঁৰ সোঁৱৰণত কেইবাটাও প্রতিযোগিতাকে ধৰি বিভিন্ন কার্যসূচী গ্রহণ কৰি আহিছিল যদিও এইবাৰ কভিড-১৯ মহামাৰীৰ পৰিপ্রেক্ষিতত কার্যসূচী অনুষ্টুপীয়া কৰিবলগা হয় বুলি জানিবলৈ দিয়ে৷
এই অনুষ্ঠানত বাণ থিয়েটাৰৰ উপ-সভাপতিদ্বয় ভৱানন্দ দাস, দিলীপ বৰা, সম্পাদক হেমন্ত কুমাৰ শর্মা, মঞ্চাধ্যক্ষ ৰাজীৱ মহন্ত, কার্যনির্বাহক সদস্য মৃগেন বৰা, অচু্যত শর্মা, জিণ্টু বৰঠাকুৰ, জ্যোতিপ্রসাদ গোস্বামী, মৰমী শইকীয়া, দেবব্রত শর্মা, সদস্য ৰঞ্জিত শইকীয়া, তত্ত্বাৱধায়ক নিতুমণি কলিতা আদিয়ে শ্রদ্ধাঞ্জলি জ্ঞাপন কৰে৷
অসম চৰকাৰৰ সাংস্ৃকতিক পৰিক্রমা বিভাগৰ অধীনস্থ জ্যোতি ভাৰতীত জ্যোতি ভাৰতীৰ শিল্পীসকলে কলাগুৰুৰ ‘সুৰৰে দেউলৰে’ শীর্ষক সমবেত গীতেৰে আৰম্ভ কৰা শ্রদ্ধাঞ্জলি অনুষ্ঠানত কলাগুৰুৰ পুত্র হেমৰাজ ৰাভাই বন্তি প্রজ্বলন কৰে৷
জ্যোতি ভাৰতীৰ শিল্পী বিনয় বৰাই আঁত ধৰা অনুষ্ঠানটিত শিল্পী পেঞ্চনপ্রাপক জীৱন চন্দ্র বৰা, জ্যোতি কলা কেন্দ্র সংগীত মহাবিদ্যালয়ৰ অধ্যক্ষ লিখন শর্মা, জ্যোতি ভাৰতীৰ শিল্পী ক্রমে আলিম্পন চৌধুৰী, নীতিশ শর্মা, অৰূপজ্যোতি মহন্ত, নমিতা বৰুৱা, বিশ্বৰূপা মহন্ত, প্রণৱ লহকৰ, খনিন্দ্র কুমাৰ ডেকা, শোণিতপুৰ জার্নেলিষ্ট ইউনিয়নৰ কার্যকৰী সভাপতি সঞ্জীৱ হাজৰিকা আদিয়ে শ্রদ্ধাঞ্জলি জ্ঞাপন কৰে৷
সেইদৰে তেজপুৰৰ গহণ উদ্যান পৰিচালনা সমিতিয়ে আয়োজন কৰা শ্রদ্ধাঞ্জলি-অনুষ্ঠান শুভাৰম্ভ কৰে সভাপতি তথা অৱসৰপ্রাপ্ত অতিৰিক্ত উপায়ুক্ত কোক্ষেশ্বৰ বৰাই৷ সম্পাদক অশ্বিনী বৰাই আঁত ধৰা এই অনুষ্ঠানত উপদেষ্টা আলিউৰ ৰহমান, সদস্য বিপ্লৱ দাস, শংকৰ গুপ্তাকে ধৰি স্থানীয় শিল্পী কলা-কুশলীসকলে অংশগ্রহণ কৰে৷ কলিবাৰীৰ বাণ ৰংগমঞ্চ প্রাংগণত অসমীয়া ভাষা উন্নতি সাধিনী সভাই আয়োজন কৰা শ্রদ্ধাঞ্জলি-অনুষ্ঠান শুভাৰম্ভ কৰে সভাপতি পুলিন ভট্টাচার্যই৷
সম্পাদক শান্তনু কুমাৰ বৰুৱাই কলাগুৰুৰ স্মৃতিচাৰণ কৰা অনুষ্ঠানটোত অঃ ভাঃ উঃ সাঃ সভাৰ সদস্যসকলে অংশগ্রহণ কৰে৷ তদুপৰি সদৌ অসম লেখিকা সমাৰোহ সমিতিয়ে সমিতিৰ তেজপুৰস্থিত কেন্দ্রীয় কার্যালয়ত তেজপুৰ জিলা শাখাই আয়োজন কৰা শ্রদ্ধাঞ্জলি-অনুষ্ঠান মুকলি কৰে কেন্দ্রীয় সভানেত্রী ড০ চাৰু চহৰীয়া নাথে৷
Comments