মুম্বাই, ২ জুলাই ঃ যোৱা ১৪ জুনত অভিনেতা সুশান্ত সিং ৰাজপুতে আত্মহত্যা কৰাৰ গোচৰৰ তদন্ত মুম্বাইৰ আৰক্ষীয়ে চলাই আছে৷ ৰাজপুতৰ ঘনিষ্ঠ বান্ধৱী ৰিয়া চক্রৱর্তী, বন্ধু মহেশ শেট্টি আৰু আন কেইবাজনেও ইতিমেধ্য তেওঁলোকৰ বিবৃতি আৰক্ষীক দিছে৷ অভিনেতাজনৰ আত্মহত্যা সন্দর্ভত এতিয়া মুম্বাইৰ আৰক্ষীয়ে চলচিচত্র নির্মাতা সঞ্জয় লীলা ভাঞ্চালি, শেখৰ কাপুৰ আৰু বলিডউৰ অভিনেত্রী কংগনা ৰানাৱটকো জেৰা কৰিব৷ ভাঞ্চালিক জেৰাৰ বাবে এই সপ্তাহতে মতা হ’ব৷
তাৰ পাছত কংগনা ৰানাৱট আৰু শেখৰ কাপুৰক জেৰা কৰা হ’ব৷ জানিব পৰা মতে, ভাঞ্চালিক তেওঁৰ ‘গলিয়ঁ কি ৰাসলীলা ৰাম-লীলা’ আৰু ‘বাজীৰাও মাস্তানি’ নামৰ চলচিচত্র দুখনৰ বিষয়ে জেৰা কৰা হ’ব৷ এই চলচিচত্র দুখনত অভিনয় কৰিবলৈ প্রথমতে সুশান্ত সিং ৰাজপুতক প্রস্তাৱ দিয়া হৈছিল৷ উল্লেখযোগ্য যে মহাৰাষ্ট্রৰ গৃহ মন্ত্রী অনিল দেশমুখে পূর্বতে টুইটাৰত কৈছিল যে মুম্বাইৰ আৰক্ষীয়ে ‘বৃত্তিগত প্রতিযোগিতা’ৰ দিশটোৰো তদন্ত কৰিব৷
এটা সূত্রই আগতে কৈছিল যে ৰাজপুতৰ সৈতে ভাঞ্চালিৰ ভাল সম্পর্ক আছিল৷ ভাঞ্চালিয়ে তেওঁক চাৰিখন চিনেমাত অভিনয়ৰ প্রস্তাৱ দিছিল যদিও তাৰিখ নিমিলা আৰু আন কাৰণত এখনতো ৰাজপুতে অভিনয় কৰিব পৰা নাছিল৷
আনহাতে ৰানাৱটে অভিনেতাজনক প্রাপ্য সন্মান নিদিয়াৰ কাৰণে তেওঁৰ ইনষ্টাগ্রামত বলিউডক সমলোচনা কৰিছিল৷ শেখৰ কাপুৰে টুইটাৰত কৈছিল যে প্রয়াত অভিনেতাজনক অসন্তুষ্ট কৰা লোকসকলৰ কথা তেওঁ জানে৷ উল্লেখযোগ্য যে কাপুৰেও তেওঁৰ ‘পানী’ নামৰ চিনেমা এখনৰ বাবে ৰাজপুতৰ সৈতে কাম কৰিবলৈ সিদ্ধান্ত লৈছিল, কিন্তু পাছত চিনেমাখন বাদ দিয়া হৈছিল৷ ৰাজপুতৰ আত্মহত্যা সন্দর্ভত মুম্বাইৰ আৰক্ষীয়ে এই পর্যন্ত ২৮জন লোকক জেৰা কৰিছে৷
Comments