চিচিবৰগাঁও, ৪ জুলাই: অৱশেষত ঘটনাস্থলীৰ পৰা প্ৰায় ২ কিঃ মিঃ দূৰৈত উদ্ধাৰ হ'ল অভিশপ্ত আই টেন গাড়ীখনৰ চালক মনোৰঞ্জন মাহাতু ওৰফে শৈলেন (৩৮) ৰ মৃতদেহ। আজি পুৱা প্ৰায় ৬.১০ বজাত স্থানীয় এজন লোকে পথাৰৰ পৰা আঁহোতে চালক শৈলেনৰ উৱলি যোৱা মৃতদেহ প্ৰত্যক্ষ কৰি লগে লগে এন ডি আৰ এফ ক খবৰ দিয়ে। পৰহিৰে পৰা উদ্ধাৰকাৰী দলটোৱে সন্ধানহীন ৩ আৰোহীক উদ্ধাৰ কৰি সকলো কাৰ্য সম্পাদন কৰিবলৈ চেষ্টা কৰিছিল। উল্লেখযোগ্য যে, নদীৰ কাষত পৰহিৰে পৰা ভাতৃৰ অপেক্ষাত ৰৈ আছে ককায়েক নিৰঞ্জন মাহাতু। তিনি ককাই- ভাইৰ ভিতৰত সৰু আছিল চালক মনোৰঞ্জন মাহাতু। পুৱা নিৰঞ্জনে নিজেই টংকেশ্বৰ কলিতাৰ ঘৰত থৈ আহিছিল ভাতৃ মনোৰঞ্জনক। জানিব পৰা মতে, চালক হিচাপে কৰ্মসংস্থাপনত নিয়োজিত হৈ থকা মনোৰঞ্জন মাহাতুৰ আছে দহ আৰু চাৰি বছৰীয়া দুটি সন্তান।
Comments