দুলীয়াজান, ৪ জুলাই: দুলীয়াজানত সদৌ অসম ছাত্ৰ সন্থা আৰু তাই আহোম ছাত্ৰ সন্থাৰ নেতৃবৃন্দৰ গৃহত জনসম্পৰ্ক ৰক্ষা কৰিবলৈ গৈ ৰোষত পৰিছে বিধায়ক তেৰচ গোৱালা। উল্লেখযোগ্য যে বিজেপি চৰকাৰৰ দিনত কোনো দল সংগঠনৰ দাদাগিৰি নচলিব বুলি ৰাজহুৱা সভাত মন্তব্য কৰি ৰোষত পৰা বিধায়ক গৰাকীয়ে যোৱা ২ জুনৰ সন্ধিয়া সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সাংস্কৃতিক সম্পাদক অনিল গগৈ, ভাদৈ শাখা ছাত্ৰ সন্থাৰ সভাপতি মনজিৎ গগৈ আৰু আটাছুৰ দুলীয়াজান আঞ্চলিক সমিতিৰ সম্পাদক ৰূপম গগৈৰ ভাদৈ পাঁচআলিস্থিত বাসগৃহত উপস্থিত হৈ বয়োজ্যোষ্ঠ ব্যক্তিৰ আশীষ লয়। বিধায়ক জনৰ এনে মহানুভৱতাক সংগঠন দুটাৰ নেতৃবৃন্দই শলাগ লৈছিল যদিও অজয় শইকীয়া নামৰ এজন বিধায়ক ভক্তৰ ফেচবুক পষ্টৰ পাছতে জাঙুৰ খাই উঠিছে সংগঠন দুটা।
বিধায়ক ভক্তজনে ফেচবুকত উক্ত দিনা তেৰচ গোৱালা সংগঠনৰ নেতৃবৃন্দৰ ঘৰত উপস্হিত হোৱাৰ পাছত ৰাইজে মুখ্যমন্ত্ৰী, ৰাজ্যিক সভাপতি আৰু হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত থকা বিজেপি চৰকাৰখনক লৈ সন্তষ্টি প্ৰকাশ কৰা বুলি উল্লেখ কৰে। সংগঠনৰ নেতৃবৃন্দই অভিযোগ কৰা অনুসৰি বিধায়ক হিচাপে সমষ্টিৰ যিকোনো লোকৰ গৃহত খবৰ লবলৈ যোৱাটো আদৰণীয় কিন্তু সেইবুলি সামাজিক মাধ্যমত বিধায়কৰ কাম কাজত সন্তোষ্টি প্ৰকাশ কৰা বুলি পষ্ট দিয়াটো গ্ৰহণযোগ্য নহয়। যিহেতু কা বিৰোধী আন্দোলনৰ সময়ত দুয়োটা সংগঠনে দুলীয়াজানত মুখ্য ভূমিকা গ্ৰহণ কৰিছিল সেয়েহে জন মানসত হেয় প্ৰতিপন্ন কৰিবলৈকে বিধায়ক জনে এনে পন্থা গ্ৰহণ কৰা বুলিও সংগঠন দুটাই অভিযোগ তুলিছে। আনহাতে বিধায়কজনৰ এনে কৰ্ম কাণ্ডত খৰ্গহস্ত হৈ ভাদৈ শাখা ছাত্ৰ সন্থাৰ সভাপতি মনজিৎ গগৈয়ে বিধায়কজনৰ বিৰুদ্ধে কালি নিশাই ভাদৈ আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰে।
এজাহাৰত উল্লেখ কৰা অনুসৰি কোনো স্বাস্থ্য বিধি নমনাকৈ সন্ধিয়া ৭ বজাত সান্ধ্য আইন ভংগ কৰি বৃহৎ সংখ্যক দলীয় কৰ্মকৰ্তা লৈ সংগঠনৰ নেতৃত্বৰ গৃহত উপস্থিত হোৱাটো এক অপৰাধ। সেয়েহে সান্ধ্য আইন ভংগকাৰী, কৰণা সন্দৰ্ভত স্বাস্থ্য বিধি নমনা আৰু সামাজিক মাধ্যমত ব্যক্তিৰ স্বাধীনতা আৰু ভাৱমূৰ্তি নষ্ট কৰাৰ অপৰাধত বিহীত ব্যৱস্থা গ্ৰহণৰো দাবী জনাইছে। ইফালে আটাছু নেতা ৰূপম গগৈয়ে জানিবলৈ দিয়া মতে বিধায়ক জনৰ বিৰুদ্ধে সদায় সৰৱস্থিতি গ্ৰহণ কৰাৰ বাবে কণ্ঠ ৰুদ্ধ কৰিব নোৱাৰি জনমানসত সংগঠনৰ চিন্তা আৰু কাৰ্যকলাপ সমূহ হেয় প্ৰতিপন্ন কৰাৰ বাবে বিধায়ক গৰাকীৰ দলীয় সহকৰ্মীয়ে ছ’চিয়েল মিডিয়াত নিৰ্দিষ্ট নাম উল্লেখ কৰি প্ৰচাৰ কৰা কাৰ্য্যক ধিক্কাৰ দিয়ে। বিধায়কজনে দলীয় জন সম্পৰ্ক ৰক্ষা অভিযান কৰি বহু মানুহৰ ঘৰলৈ গৈছে, কিন্তু সেই লোকৰ নাম উল্লেখ নকৰি কেবল সংগঠনৰ নেতৃত্বৰ নাম টানি আনি ছ’চিয়েল মিডিয়াত বহুলভাৱে প্ৰচাৰিত কৰাত যে সম্পূৰ্ণ ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিত সেইয়া স্পষ্ট। সেয়েহে ভৱিষ্যতৰ দিনত বিধায়ক জনৰ লগতে তেখেতৰ সামাজিক মাধ্যমৰ কৰ্মচাৰীক এনে কাৰ্যৰ পৰা বিৰত থাকিবলৈকো সকীয়াই দিছে।
Comments