চেলেংহাট, ০৪ জুলাইঃ আৰক্ষীৰ কাণ্ড জ্ঞানহীনতাৰ বাবেই এগৰাকী অকলশৰীয়া যুৱতীয়ে ওৰে নিশা এজোপা গছৰ তলত কটাবলগীয়া ঘটনা পোহৰলৈ আহিছে। এই ঘটনা সংঘটিত হৈছে মৰিয়নীৰ অসম নগালেণ্ড সীমান্তত। জানিব পৰা মতে নাগালেণ্ডৰ মোককচাং জিলাৰ মাংকুলোম্বা থানাৰ অন্তৰ্গত লোক নাক পানীখেতি নিবাসী চলমন লিম্বুৰ কন্যা মাৰ্থা লিম্বু(২০) বৃহস্পতি বাৰে দুপৰীয়া এক বজাত কলকাতাৰ পৰা আহি যোৰহাট বিমান বন্দৰত উপস্থিত হয়। কোভিড-১৯ বিধি অনুসৰি যুৱতী গৰাকীক স্বাস্থ্য বিভাগে স্বাস্থ্য পৰীক্ষা কৰা লগতে স্বোৱাব সংগ্ৰহ কৰি হোম কোৱাৰেণ্টাইনৰ পৰামৰ্শ দিয়ে। যুৱতী গৰাকীয়ে যোৰহাটৰ পৰা মৰিয়নীৰ অসম নগালেণ্ড সীমান্তৰ চুটাফলা চেক গেটলৈকে এখন ব্যক্তিগত এম্বুলেঞ্চ যোগে নিশা প্ৰায় ১২ বজাত উপস্থিত হয়। আনহাতে যুৱতী গৰাকীক নগালেণ্ডৰ পৰা নিবলৈ অহা পিতৃও চুটাফলা গেটত আহি উপস্থিত হয়।কিন্ত নগা আৰক্ষীয়ে যুৱতী গৰাকীক গেট পাৰ হৈ নগালেণ্ডত প্ৰৱেশ কৰাত চৰকাৰী কঠোৰ নিৰ্দেশনাৰ অজুহাতত বাধা প্ৰদান কৰা লগতে পিতৃকো গেট পাৰ হৈ অসমৰ ভূমিত থকা জীয়ৰীৰ কাষলৈ যোৱাত বাধা দিয়ে।
নগা আৰক্ষীৰ বাধা ফলত যুৱতী গৰাকীৰ পিতৃ ঘৰলৈ উভতি যাবলৈ বাধ্য হোৱা লগতে অকলশৰীয়া যুৱতী গৰাকী চুটাফলা গেটৰ সমীপৰ দিচৈ ভেলী সংৰক্ষিত বনাঞ্চলৰ মাজত পথৰ কাষৰ এজোপা গছৰ তলত ভোকে পিয়াহে ওৰে নিশা পাৰ কৰিব লগীয়া হয়। কালি পুৱা যুৱতী গৰাকীৰ অসহায় অৱস্থাৰ বিষয়ে সীমন্তৱৰ্তী সেউজি গাঁৱৰ একাংশ লোকে জানিব পাৰি যুৱতী গৰাকীক খাদ্য বস্তুৰ লগতে আশ্ৰয় প্ৰদান কৰে।যুৱতী গৰাকীৰ সন্দৰ্ভত মৰিয়নি আৰক্ষীকো অৱগত কৰে স্থানীয় ৰাইজে।পিছত তিতাবৰ মহকুমা প্ৰশাসনৰ তৎপৰতাত স্বাস্থ্য বিভাগৰ লোকে যুৱতী গৰাকীক মৰিয়নীৰ এটা ল'জত কোৱৰেণ্টিন কৰাৰ ব্যৱস্থা কৰে। নগা আৰক্ষীৰ এই অবিবেচকী কাণ্ডক স্থানীয় ৰাইজে গৰিহনা দিছে ।
Comments