
গুৱাহাটী, ৪ জুলাই : কভিড -১৯ সংক্ৰমণৰ পৰিপ্ৰেক্ষিতত কামৰূপ মহানগৰ জিলাত বলৱৎ হৈ থকা লক ডাউনৰ নীতি নিৰ্দেশনাৰ কিছু শিথিল কৰা হৈছে। অসম ৰাজ্যিক দূৰ্যোগ প্ৰশমন কৰ্তৃপক্ষৰ হৈ মূখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণই স্বাক্ষৰ কৰা জাননী অনুসৰি পাঁচ জুলাইৰ পৰা বাৰ জুলাইলৈকে কিছু কাম-কাজ কৰাৰ অনুমতি প্ৰদান কৰা হৈছে।অনুমোদিত কাম-কাজখিনিৰ বাহিৰে আন সকলো বাধ নিষেধ ২৬ জুন তাৰিখে জাৰী কৰা জাননী অনুসৰিয়ে বাহাল থাকিব।
অনুমোদিত কাম-কাজ সমূহ হ’লঃ
১. মাত্ৰ ২০% গেলামালৰ দোকান দিনৰ ১১ বজাৰ পৰা ৪ বজালৈ ৬ আৰু ৮ জুলাই তাৰিখে খোলা থাকিব। দোকানী, গ্ৰাহক সকলোৱে মাস্ক আৰু হেণ্ড গ্লাভছ পিন্ধাৰ উপৰি শাৰীৰিক দূৰত্বৰ নিয়ম বজাই ৰাখিব লাগিব।
২. গেলামালৰ পাইকাৰী দোকান সমূহ বিয়লি ৩ বজাৰ পৰা ৬ বজালৈ ৫ আৰু ৭ জুলাই তাৰিখে খুলিব পাৰিব। সেই সময়ত খুচুৰা বিক্ৰী কৰিব নোৱাৰিব।
৩. ৬ আৰু ৮ জুলাই তাৰিখে পুৱা ৮ বজাৰ পৰা আবেলি ২ বজালৈ শাক-পাচলি আৰু ফল-মূল ঘৰে ঘৰে গৈ বিক্ৰী কৰিব পাৰিব।
৪. পুৱা ১০ বজাৰ পৰা ৩ বজালৈকে ৬ আৰু ৮ জুলাই তাৰিখে ঔষধ আৰু চিকিৎসা সম্পৰ্কীয় সা-সজুঁলিৰ পাইকাৰী বিতৰণ কৰিব পাৰিব।
৫. পশু চিকিৎসা ক্লিনিক আৰু পশু চিকিৎসাৰ ঔষধৰ দোকান পুৱা ১০ বজাৰ পৰা বিয়লি ৪ বজালৈ আটাইকেইটা দিনতেই খোলা থাকিব।
৬.পশুখাদ্যৰ দোকান পুৱা ১০ বজাৰ পৰা বিয়লি ৪ বজালৈ ৬ আৰু ৮ জুলাই তাৰিখে খোলা থাকিব।
৭. পোষ্ট অফিছ আৰু ভাৰতীয় জীৱন বীমা নিগম (এল আই চি) ৰ অফিছবোৰৰ মাত্ৰ ১০% শাখাত১০% কৰ্মীৰে কাম -কাজ চলাব পাৰিব।
৮. ই-কমাৰ্চৰ সামগ্ৰী বিতৰণৰ অনুমতি ১০ জুলাইৰ পুৱা ১১বজাৰপৰা বিয়লি ৪ বজালৈ থাকিব৷
কঠোৰ ভাৱে নিষেধাজ্ঞা থকা কাৰ্য্যঃ
পথৰ দাঁতিত ফল-মূল, পাচলি আৰু মাছ বিক্ৰী সমূলি নিষেধ।
Comments