গুৱাহাটী ঃ ষ্টাফ ৰিপ’র্ৰ, ৪ জুলাই ঃ কৰ’না ভাইৰাছৰ সংক্রমণ ৰোধ কৰাৰ বাবে ঘোষণা কৰা লকডাউনৰ ফলত হোৱা লোকচান, ক্ষয়-ক্ষতিৰ লগতে চৰকাৰ আৰু বিজেপি দলে আগবঢ়োৱা সাহায্য সন্দর্ভত আজি ভিডিঅ’ কনফাৰেন্সিংযোগে অসমৰ পৰিস্থিতিৰ বুজ লয় প্রধানমন্ত্রী নৰেন্দ্র মোদী আৰু বিজেপিৰ ৰাষ্ট্রীয় সভাপতি জে পি নড্ডাই৷
উল্লেখযোগ্য যে অসমকে ধৰি দেশৰ ৭খন ৰাজ্য ক্রমে উত্তৰ প্রদেশ, বিহাৰ, মহাৰাষ্ট্র, দিল্লী, ৰাজস্থান আৰু কর্ণাটকৰ মুখ্যমন্ত্রীসকলৰ সৈতে আজি ভিডিঅ’ কনফাৰেন্সত মিলিত হয় প্রধানমন্ত্রী মোদী৷ বিজেপিৰ ৰাষ্ট্রীয় কার্যালয়ৰ পৰা প্রধানমন্ত্রী মোদী আৰু ৰাষ্ট্রীয় সভাপতি নড্ডাই অংশগ্রহণ কৰি ৰাজ্যকেইখনৰ শেহতীয়া পৰিস্থিতিৰ বুজ লয়৷ অসমত এই ভিডিঅ’ কনফাৰেন্সৰ ব্যৱস্থা কৰা হৈছিল আমিনগাঁৱত৷
আমিনগাঁৱত থকা গড়কাপ্টানী বিভাগৰ অতিথিশালাৰ পৰা ভিডিঅ’ কনফাৰেন্সত অংশগ্রহণ কৰে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল, নেডাৰ আহবায়ক ড০ হিমন্ত বিশ্ব শর্মা, মন্ত্রী ভৱেশ কলিতা, ৰাজ্যিক সাংগঠনিক সাধাৰণ সম্পাদক ফণীন্দ্র শর্মা, ৰাজ্যিক সাধাৰণ সম্পাদক ক্রমে দিলীপ শইকীয়া, পুলক গোহঁাইকে ধৰি কেইবাজনো বিষয়ববীয়া৷ এই ভিডিঅ’ কনফাৰেন্সত কৰ’নাই সংক্রমিত কৰা অসমৰ ছবিখন পাৱাৰপইণ্টৰ জৰিয়তে ব্যাখ্যা আগবঢ়ায় ৰাজ্যিক উপ-সভাপতি বিজয় গুপ্তাই৷
প্রধানমন্ত্রীৰ কেয়াৰ ফাণ্ডলৈ অসমৰ একাংশ লোকে আর্থিক সাহায্য আগবঢ়োৱাৰ তথ্যও পাৱাৰপইণ্টৰ জৰিয়তে প্রধানমন্ত্রীক অৱগত কৰায়৷ ইফালে অনলাইন সেৱাৰ জৰিয়তে হোৱা আজিৰ এই বৈঠকত প্রধানমন্ত্রীয়ে কয় যে কৰ’না ভাইৰাছৰ আতংকৰ সময়ত বিজেপি দল তথা বিভিন্ন বেচৰকাৰী সংগঠন, সাধাৰণ জনতাই যেনেদৰে ৰাইজক সহায় কৰিছে, এনে কার্য পশ্চিমীয়া দেশত হোৱা হ’লে এক বেলেগ ধৰণৰ বাতৰি হ’লহেঁতেন৷
বিশেষকৈ বিজেপি দলে সহায়-সাহায্য আগবঢ়োৱা কার্যক মোদীয়ে ধন্যবাদ জনায়৷ মোদীয়ে লগতে কয় যে অন্য দলৰ লক্ষ্য হ’ল ৰাজনীতিৰ জৰিয়তে কেৱল ক্ষমতা দখল কৰা, কিন্তু বিজেপিৰ লক্ষ্য হ’ল ৰাজনীতিৰ জৰিয়তে ৰাইজক সেৱা কৰা৷ সেয়ে আজিৰ এই ভিডিঅ’ কনফাৰেন্সক ‘সেৱাই সংগঠন’ নাম দিয়াৰ কথা উল্লেখ কৰে৷ তেওঁ লগতে কয় যে দুযোর্গৰ সময়ত ইজনে সিজনক সহায় কৰাটো ভাৰতীয় সংস্কৃতিৰ পৰম্পৰা৷
Comments