Classifieds
View All
জনমভূমি নিউজ ডেস্ক,২৯ জুনঃটিকটক'ত বেলী ডাঞ্চ পোষ্ট কৰি বিপদত পৰিল এগৰাকী হাই প্ৰফাইল বেলী নৃত্যশিল্পী।ইতিমধ্যে বেলী নৃত্যশিল্পী গৰাকীক ৩বছৰৰ জেইল আৰু ১৪ লাখ টকাৰ জৰিমনা বিহা হৈছে।এই ঘটনা সংঘটিত হৈছে ইজিপ্তত।বেলী নৃত্যশিল্পী গৰাকীৰ নাম ছামা এল মেছী।উল্লেখযোগ্য যে,তেওঁ ভিডিঅ’টো জনপ্ৰিয় ভিডিঅ’ শ্বেয়াৰিং প্লেটফৰ্ম টিকটিকত শ্বেয়াৰ কৰাৰ পাছতেই ৰাজহুৱাভাৱে জনতাক উত্তেজিত কৰাৰ অভিযোগ উত্থাপন হৈছিল।কাহিৰাৰ আদালতে ছামা এল মেছীয়ে “অসামাজিকতা”বিয়পোৱাৰ উদ্দ্যেশ্যৰে ছচিয়েল মিডিয়াত ভিডিঅ’ শ্বেয়াৰ কৰা বুলি ঘোষণা কৰি ৩বছৰৰ জেইলৰ শাস্তি আৰু ৩০হাজাৰ পাউণ্ড(১৪ লাখ টকাৰ)জৰিমনা বিহে।
Comments