Classifieds
View All
লালুক,৫ জুলাইঃ নাওবৈচা সমষ্টিৰ শিঙৰা বানত বিধস্ত হৈ থকা বানাক্ৰান্ত অঞ্চলৰ পৰিদৰ্শন কৰে সমষ্টিৰ একাংশ বিজেপিৰ নেতা কৰ্মীয়ে৷ আজিৰ এই পৰিদৰ্শনৰ সময়ত বিজেপিৰ ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক সদস্য তথা প্ৰাক্তন জিলা সভাপতি ৰাও গজেন্দ্ৰ সিং, বিজেপিৰ নাওবৈছা মণ্ডল সভাপতি ৰঞ্জিত পাৱে, প্ৰাক্তন নাওবৈছা মণ্ডল সভাপতি বিশ্বজিৎ বড়ী, কৰুনাবাৰী আঞ্চলিক পঞ্চায়তৰ সভাপতি প্ৰাঞ্জল শইকীয়া, পহুমৰা আৰু নাওবৈছাৰ জিলা পৰিষদ সদস্যদ্বয় তুলপ্ৰভা মৰাং বুঢ়াগোহাঁই, গহীন বৰা, দুইটা মণ্ডলৰ যুৱমৰ্চাৰ কৰ্মী উপস্থিত থাকে৷ পৰিদৰ্শনৰ সময়তে নাওবৈছাৰ গেলাহাটী, বলমা আদি অঞ্চলত বানৰ কবলত পৰা প্ৰায় ৪০০ ঘৰ পৰিয়ালক কিছু খাদ্য সামগ্ৰী যোগান ধৰে আৰু ডিৰ্জুত নিৰ্মিত কমল সেতু কলভাৰ্টো শুভ উদ্বোধন কৰে৷
Comments