প্ৰণৱজ্যোতি দত্ত,৫জুলাই: গুৱাহাটীত সম্পূৰ্ণ ল’ক ডাউন অব্যাহত থকাৰ মাজতো দ্ৰুতগতিত বৃদ্ধি পাইছে কৰ'নাত আক্ৰান্ত ৰোগীৰ সংখ্যা।এইদৰে গুৱাহাটীত কৰ'ণা ভাইৰাছৰ ভয়াৱহতালৈ চাই আৰু এসপ্তাহ ল’ক ডাউন বৃদ্ধিৰ সম্ভাৱনা আহি পৰিছে।এই সন্দৰ্ভত ইতিমধ্যে ইংগিত দিছে স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।আজি সংবাদমেলত মন্ত্ৰীগৰাকীয়ে কয় যে, "অসমত এই পৰ্যন্ত চাৰি লাখ দুশ পাঁচ গৰাকী লোকৰ কৰ'না পৰীক্ষা কৰা হৈছে। আগন্তুক ৭ দিনৰ ল’ক ডাউন অতি গুৰুত্বপূৰ্ণ হ’ব।
আনহাতে এনে পৰিস্থিতি অব্যাহত থাকিলে গুৱাহাটীত আৰু এসপ্তাহ লকডাউন বৃদ্ধি কৰা হ'ব পাৰে। সময়ত এই সন্দৰ্ভত সিদ্ধান্ত গ্ৰহণ কৰা হ'ব।ইফালে সোমবাৰৰ পৰা গেলামাল দোকান খুলিব, কিন্তু সৰ্ব সাধাৰণ সজাগ হ’ব লাগিব বুলিও উল্লেখ কৰি মন্ত্ৰী গৰাকীয়ে কয় যে, "পৰাপক্ষত গেলামালৰ দোকানীৰ পৰাও আতৰি থাকিব।কাৰণ তেওঁৰ দেহতো কৰ'না থাকিব পাৰে।"
Comments