তিনিচুকীয়া: ১৩ আগষ্ট: উজনি অসমৰ তিনিচুকীয়া জিলাত দুখন কৈ মডেল কলেজ ঘোষণা কৰা আৰু দুজনকৈ পুৰোধা ব্যক্তিৰ নামত নামাকৰণ কৰা বিষয়টোৱে জিলাখনলৈ এক আশাৰ বতৰা কঢ়িয়াই আনিছে। ৰাজ্যৰ স্বাস্থ্য-শিক্ষা-বিত্ত আদি বিভাগৰ মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কৰা ঘোষণা মতেই আগবাঢ়িছে মডেল কলেজৰ কাম- কাজ ।
তিনিচুকীয়া জিলাত দুখনকৈ মডেল কলেজ হব বুলি শিক্ষা বিভাগৰ মন্ত্ৰী গৰাকীয়ে ঘোষণা কৰাৰ লগতে দুজনকৈ অধ্যক্ষ নিযুক্তিৰ ব্যৱস্থা কৰে। কাকপথাৰৰ সমীপৰ দিৰাকত পদ্মনাথ গোহাঞি বৰুৱা আদৰ্শ মহাবিদ্যালয় আৰু ডুমডুমাৰ সমীপত বীৰ ৰাঘব মৰাণ আদৰ্শ মহাবিদ্যালয় স্থাপন কৰাৰ বাবে যো জা কৰিছে।
মডেল কলেজ দুখনৰ কাম কাজ আগবঢ়াই নিবলৈ যোৱা জুলাই শেষত দুজন অধ্যক্ষ নিয়োগ কৰে। ডঃ অমৰজিৎ শইকীয়াক বীৰ ৰাঘব মৰাণ আদৰ্শ মহাবিদ্যালয়ৰ আৰু ডঃ থানুৰাম মজিন্দাৰক পদ্মনাথ গোহাঞি বৰুৱা আদৰ্শ মহাবিদ্যালয়ৰ অধ্যক্ষ হিচাপে নিযুক্তি লাভ কৰে। যোৱা ৩১ জুলাইত আনুষ্ঠানিকভাৱে অধ্যক্ষৰ দায়িত্ব তিনিচুকীয়াৰ উপায়ুক্তৰ কাৰ্যালয়ত গ্ৰহণ কৰে
Comments