মৰাণঃ এজন সংবাদদাতা, ২৩ আগষ্টঃ আঞ্চলিক ৰাজনৈতিক দল গঠনৰ ঢৌ সৃষ্টি হোৱাৰ সময়তে আজি টিংখাঙত অসম সংগ্ৰামী মঞ্চৰ এখন সভাত বিজেপি, কংগ্ৰেছ আৰু অগপৰ কুৰি্ৰো অধিক নেতা সদস্যই যোগদান কৰে অসম সংগ্ৰামী মঞ্চত । টিংখাং সমষ্টিৰ এই দল কেইটাৰ তৃণমূলৰ কৰ্মী সকলে নতুন দলটোত যোগদান কৰি কয় যে নতুনত্বইহে আমাক নতুন দিগন্তৰ সন্ধান দিব ।
কংগ্ৰেছ, বিজেপি এই ৰাষ্ট্ৰীয়তাবাদী দলকেইটাই অসমৰ ৰাইজক বহু প্ৰৱঞ্চনা কৰিলে । বহু আশা বুকুত বান্ধি আদৰি লোৱা আঞ্চলিক ৰাজনৈতিক দল অগপইও প্ৰতাৰণা কৰিলে । সেয়ে আমি বিকল্প বিচাৰি এই দলত যোগ দিছো বুলি উল্লেখ কৰে কৰ্মীসকলে ।
আজি এই সভাতে বিজেপি, কংগ্ৰেছ আৰু অগপ এৰি কুৰিৰো অধিক কৰ্মীয়ে অসম সংগ্ৰামী মঞ্চত যোগদান কৰে । সভাত অসম সংগ্ৰামী মঞ্চৰ কেন্দ্ৰীয় সমিতিৰ উপসভাপতি যতিন গগৈ আৰু চিয়দ মহছিনো ৰহমান, ডিব্ৰুগড় জিলা সমিতিৰ উপসভাপতি অজয় প'দ্দাৰ, শিৱসাগৰ জিলা সমিতিৰ সাধাৰণ সম্পাদিকা ৰূপা বড়া, ডিব্ৰুগড় জিলা সমিতিৰ সাংগঠনিক সম্পাদক জিতুল গগৈকে ধৰি সংগ্ৰামী মঞ্চৰ কেইবাজনো নেতা উপস্থিত থাকে।
Comments