বঙাইগাঁও, 24 আগষ্ট: বিটিচিত অব্যাহত আছে চোৰাং জন্তুৰ বেহা- বেপাৰ লগতে একেদৰে অব্যাহত আছে বনৰীয়া জীৱ- জন্তুৰ হাড়,দাঁত,চাল আদিৰ ব্যৱসায় ৷
কালি ৰাতি বিটিচিৰ চিৰাং জিলাত উদ্ধাৰ হয় দুটাকৈ বনঁৰীয়া হাতীৰ দাঁত৷এই সংক্ৰানত এজনক গ্ৰেপ্তাৰ কৰে আৰক্ষী আৰু বন বিভাগে৷ জানিব পৰা মতে চিৰাং জিলাৰ ভাৰত ভুটান সীমান্তৰ দাদগিৰিত যোৱাকালি আৰক্ষী আৰু বনবিভাগৰ এক অভিযানত উদ্ধাৰ হয় দুটাকে বনঁৰীয়া হাতীৰ দাঁত।
বিশেষ সুত্ৰৰ পম খেদি আৰক্ষী আৰু বন বিভাগে অভিযান চলাই ৰুণীখাতা আৰক্ষী থানাৰ অন্তৰ্গত খাগৰাবাৰী গাওঁৰ ওলেন বসুমতাৰী(৪৬) নামৰ লোকজনক গ্ৰেপ্তাৰ কৰে।
বন্যপ্ৰাণী হত্যা আইন মতে লোকজনক বন্যপ্ৰাণী হত্যাৰ অভিযোগত গ্ৰেপ্তাৰ কৰাৰ লগতে লোক জনৰ পৰা অভিযানকাৰী দলটোৱে হাঁতীৰ দুটা দাঁত, লগতে এটা মোৱাইল ফোন আৰু ৰেইনকোট জব্দকৰিবলৈ সক্ষম হয়৷
Comments