Classifieds
View All
প্ৰণৱজ্যোতি দত্ত,২৬আগষ্ট:কাইলৈৰ পৰা ৰাজ্যত নাটনি হ’ব পাৰে ৰন্ধন গেছৰ ছিলিণ্ডাৰ।অনিৰ্দিষ্ট কাললৈ বন্ধ থাকিব উত্তৰ পূৱ ৰন্ধন গেছৰ ছিলিণ্ডাৰ প্ৰকল্প।
উল্লেখযোগ্য যে, বটলিং প্লান্টসমুহৰ গাড়ীৰ ‘নিবিদা’ৰ কাৰ্যালয় গুৱাহাটীৰ পৰা কলিকতালৈ লৈ যোৱা, পুৰ্বতকৈ গাড়ীৰ ভাড়া কমাই দিয়া,গাড়ী বোজা বঢ়াই দিয়া আদি বিভিন্ন দফা লৈ কাইলৈৰ পৰা বটলিং প্লান্ট সমুহৰ গাড়ীৰ কৰ্মচাৰী ধৰ্মঘটত নামিব।
বিশেষকৈ গাড়ীৰ চলাচল বন্ধ কৰি কৰ্মচাৰী সকলে ধৰ্মঘট কাৰ্যসুচী ৰূপায়ন কৰিব।ফলত অচল হৈ পৰিব উত্তৰ-গুৱাহাটী,মিৰ্জা,সৰপাৰা,গোপানাৰি,শিলচৰ,চেকমাই,দুলীয়াজান,ডিমাপুৰ,আগৰতলা বটলিং প্লান্ট।
Comments