Classifieds
View All
প্ৰণৱজ্যোতি দত্ত, ১৭ আগষ্ট:বাঘজানত আজি স্থাপন কৰা হৈছে বিঅ’পি(ব্ল’ আউট প্ৰিভেন্টাৰ)।
যোৱা ১০আগষ্টতো ব্ল’ আউট প্ৰিভেন্টাৰ স্থাপন কৰা হৈছিল যদিও কাৰিকৰী বিজুতিৰ বাবে আঁতৰোৱা হৈছিল।আজি পুনৰ বাঘজানত জুই নিয়ন্ত্ৰণৰ বাবে তৃতীয়টো অভিযান অব্যাহত ৰখা হৈছে।
জানিব পৰা মতে,এই মুহূৰ্তলৈকে সফলতাৰে আগবাঢ়িছে এই অভিযান৷উল্লেখযোগ্য যে,ব্ল’ আউট প্ৰিভেন্টাৰ স্থাপন সফল হ’লে জুই নিৰ্বাপনৰ পথ প্ৰশস্ত হ’ব বুলি বিশেষজ্ঞ সকলে জানিবলৈ দিছে।
Comments