প্ৰণৱজ্যোতি দত্ত, ১৮ আগষ্ট:চৰকাৰী নীতি-নিৰ্দেশনাৰ মাজেৰে ঐতিহাসিক ঢেকীয়াখোৱা বৰ নামঘৰত আজিৰ পৰা আৰম্ভ হৈছে মাহজোৰা পালনাম।
কিন্তু এইবাৰ আগতকৈ উৎসাহ কিছু কম পৰিলক্ষিত হৈছে।জিলা প্ৰশাসনৰ সৈতে নামঘৰ পৰিচালনা সমিতিৰ এক বৈঠকৰ জড়িয়তে সেৱকীসকলৰ সুবিধাৰ অৰ্থে কেতবোৰ নীতি নিৰ্দেশনা ধাৰ্য কৰিছে।
সেই অনুসৰি, সামাজিক দূৰত্ব মানি ভক্তই নামঘৰত প্ৰৱেশ কৰিব লাগিব।নামঘৰত প্ৰৱেশৰ আগত হাত চেনিটাইজ কৰিব লাগিব আৰু নাঘঘৰ প্ৰাংগণত মাস্ক পৰিধান কৰাতো বাধ্যতামূলক।
এই নিয়মাৱলীৰ অৱলম্বনৰ ক্ষেত্ৰত জিলা প্ৰশাসন আৰু নামঘৰ পৰিচালনা সমিতিয়ে নজৰ ৰাখিব।নামঘৰত ৫০ জনৰ অধিক লোক সমবেত হ'ব নোৱাৰিব।
জানিব পৰা মতে,ঢেকীয়াখোৱা বৰনামঘৰত থাকিব অস্থায়ী স্বাস্থ্য শিবিৰ।বিশেষকৈ, দৰ্শনাৰ্থীয়ে ইচ্ছা কৰিলে নামঘৰলৈ আহিবৰ বাবে আগতীয়া অনুমতি ল'বলৈ ইতিমধ্যে তিনিটাকৈ ম'বাইল নম্বৰৰ ব্যৱস্থা কৰিছে।
Comments