নলবাৰী, ১৮ আগষ্ট: নলবাৰী জিলাৰ বড়িগোগ বনভাগ উন্নয়ন খণ্ডৰ অন্তৰ্গত ১১ নং দেহাৰকুছি পঞ্চায়তৰ বিভিন্ন গাৱঁত একেদিনাই আঠ টা আঁচনিৰ শুভাৰম্ভ কৰে নলবাৰী সমষ্টিৰ বিধায়ক অশোক শৰ্মাই।
চতুৰ্দশ বিত্তীয় আয়োগৰ অনুদানৰ ধনৰে এই আচঁনি সমুহৰ কাম কৰিব। আজি দিনৰ ১১ বজাত বিধায়ক গৰাকীয়ে ঘগ্ৰাপাৰ জিলা পৰিষদৰ সদস্য পংকজ ডেকা,১১ নং দেহাৰকুছি গাওঁ পঞ্চায়তৰ সভাপতি যোগেশ্বৰ শৰ্মা,আঞ্চলিক সদস্য ফনীনাথ লহকৰ সমন্বিতে একাংশ দলীয় কৰ্মীক লগত লৈ চতমা ব্ৰাক্ষণ ছমাৰকুছি চুবুৰীৰ এটি পথৰ শুভাৰম্ভনি কৰে৷
ইয়াৰ পিচতে ক্ৰমে লৰমা বঁটাকুছিৰ কালিমন্দিৰৰ সভাঘৰ, ২নং লৰমা বঁটাকুছিত এটি পথ, লৰমা কালিমন্দিৰ পুখুৰীৰ চাৰিওফালে পকী বেৰ নিৰ্মাণ, পূৰ্নদৈচপৰা হৰেকৃষ্ণ মন্দিৰকে ধৰি কেইবা লাখ টকাৰ অনুদানৰে আৱন্টিত আঁচনি সমূহৰ শুভাৰম্ভনি কৰে৷ আঁচনি শুভাৰম্ভ কৰি বিধায়ক গৰাকীয়ে কয় যে, ‘কিছুমান ৰাজনৈতিক দ'ল আৰু সংগঠনে বিজেপিক সাম্প্ৰদায়িক দ'ল বুলি অপপ্ৰচাৰ চলাই আহিছে।
আমি কিন্তু জাতপাতৰ বিচাৰ নকৰি সকলো সম্প্ৰদায়ৰে সম উন্নয়ন কৰিব বিচাৰো। সমষ্টিটোৰ সামগ্ৰীক উন্নয়নৰ বাবে দিন ৰাতি একাকাৰ কৰি আমি লাগি আহিছো। বিগত চাৰি বছৰ চাৰি মাহত নলবাৰী সমষ্টিটোৰ উন্নয়ন প্ৰত্যক্ষ কৰি বিৰোধী দ'ল সংগঠনে হতাশাত ভুগিছে। হকে বিহকে আমাক সমালোচনা কৰিছে যদিও ৰাইজে কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰি বিজেপি দলত যোগদান কৰিব ধৰিছে।’
আজিৰ কাৰ্য্যসূচীত বিজেপি বড়িগোগ বনভাগ মণ্ডল সমিতিৰ সম্পাদক মৃগেন শৰ্মা, প্ৰাক্তন সম্পাদক চন্দন ডেকা,পঞ্চায়ত সচিব শংকৰ পণ্ডিত,কনিষ্ঠ অভিযন্তা কৰুনা হালৈৰ উপৰিও দলীয় কাৰ্য্যকৰ্তাৰ লগতে ৰাইজ উপস্থিত থাকে।
Comments