ভাৰতীয় ইংৰাজী সাহিত্যৰ সামগ্রিক বিস্তৃতি সম্পর্কে দেধাৰ মতানৈক্য৷ প্রতিষ্ঠিত ইংৰাজ বহুকেইজন লেখেকে এসময়ত ইংৰাজী ভাষাত সাহিত্য চর্চা কৰা ভাৰতীয় মহলৰ প্রতি উগ্র বিষোদ৲গাৰ প্রকাশ কৰাৰ কথা জনা যায়৷ সন্দেহ নাই, হেন৲ৰি দেৰজিও প্রভৃতি জনদিয়েক আদিস্তৰৰ সৃষ্টিশীল লেখকক ইংগ-ভাৰতীয় (ট্টুন্ধচ্ঞপ্স-ঢুস্তুন্ত্রু) ৰূপে বিচাৰ কৰি চোৱাৰ থল নথকা নহয়, কিন্তু E.F. Oaten-এ The Cambridge History of English Literature (vol. XIV, ch. 10)-ত তৰু দত্ত৲, সৰোজিনী নাইডু, অৰবিন্দ ঘোষ, এনেকি ৰবীন্দ্রনাথ ঠাকুৰকো সেই স্তৰলৈ অৱনমিত কৰাৰ প্রৱণতা আছিল ঔদাস্য আৰু হেজিমনিসম্ভূত৷ অৱশ্যে, সম্প্রতি সেই প্রসংগ আৰু আহুকালৰ কাৰণ হৈ থকা নাই৷ সাধনাসিক্ত পাণ্ডিত্যপ্রসূত ৰবীন্দ্রনাথৰ গীতাঞ্জলিয়ে য়ুৰোপীয় কেননত জোৱাৰ তুলিছিল কুৰি শতিকাৰ দ্বিতীয় দশকতেই৷ ৱিলিয়াম ৰদেনষ্টেইন (William Rathenstain) আৰু য়েট৲ছৰ দৰে প্রতিভূ গীতাঞ্জলিৰ মহত্ত্বত বিমুগ্ধ হৈ একোখনকৈ পাতনি লিখি দিছিল৷ এইদৰে পৰৱর্তী সময়ত প্রাচ্য-পাশ্চাত্যৰ তত্ত্বজ্ঞ বিদ্বানসকলৰ বিচাৰত প্রতিপন্ন হয় ভাৰতীয় ইংৰাজী সাহিত্য (Indo-Anglian Literature/Indian Writing in English)-ৰ মৌলিকতা আৰু অক্ষয়-অব্যয় চানেকি৷ কালক্রমত ৰবীন্দ্রনাথ-অৰবিন্দ আদি বিদগ্ধ ব্যক্তিত্বই এই সাহিত্যত কাব্যকলাৰ যি অনুপম ইমাৰত (edifice) নির্মাণ কৰি থৈ গ’ল স্বৰাজোত্তৰ কালত তাৰ বলিষ্ঠ উত্তৰাধিকাৰ সাব্যস্ত হৈছে অনন্য কবিকণ্ঠ জয়ন্ত মহাপাত্রৰ কাপত৷ উৰিষ্যাৰ এটি ধর্মান্তৰিত খ্রীষ্টান মধ্যবিত্ত পৰিয়ালত ১৯২৮ খ্রীষ্টাব্দত জন্মগ্রহণ কৰা পদার্থ বিজ্ঞানৰ স্নাতকোত্তৰ (পাছলৈ সেই একে বিষয়ৰে প্রাধ্যাপক ৰূপে অৱসৰ লাভ কৰা) মহাপাত্রৰ কাব্য-ভাবনাৰ স্ফুৰণ ১৯৭১ খ্রীষ্টাব্দত প্রকাশ পোৱা Close the Sky, Ten by Ten আৰু Swayamvara and Other Poems শীর্ষক সংকলন দুটিৰ মাজেৰে৷ কবি হিচাপে তেখেতৰ আত্মপ্রকাশ দুকুৰিৰ ডেওনাত হ’লেও পৰৱর্তী A Father’s House (1976), A Rain of Rites (1976), Waiting (1979), The False Start (1980), Relationship (1980) আৰু Dispossessed Nets (1986) প্রভৃতি কাব্য-সংকলনে জয়ন্ত মহাপাত্রক ভাৰতীয় ইংৰাজ সাহিত্যৰ বলয়ত এগৰাকী অন্যতম অবিস্মৰণীয় কাণ্ডাৰী ৰূপে পৰিগণিত কৰাইছে৷ ইয়াৰ উপৰি, Relationship কাব্যগ্রন্থৰ জৰিয়তে মহাপাত্রই হাছিল কৰিছে ইংৰাজী ভাষাত সাহিত্য চর্চাৰে সাহিত্য অকাদেমি বঁটা লাভ কৰা প্রথমজন ভাৰতীয় (1981 খ্রীষ্টাব্দত) কবিৰ কৃতিত্ব৷ কবিৰ অস্তিত্ব, স্বজ্ঞা (intuition) আৰু নিসর্গ চেতনাৰ উৎস তেখেতৰ জন্মভূমি উৰিষ্যাÐ “To Orissa, to this land in which my roots lie and lies my past and in which lies my begining and my end...” (সাহিত্য অকাদেমি গ্রহণ পর্বত পঠিত অভিভাষণৰ পৰা)৷ Relationship-ৰ সাৰৱত্তাও তাতেই নিহিত়, মহাকাব্যিক চৰিত্র বিশ্লেষণৰ মাধ্যমেৰে উৰিষ্যাৰ পুৰাকথা, সমাজ-সংস্কৃতিৰ নিৰভ্র-নৈর্ব্যক্তিক ৰূপাংকণত বাংময় মহাপাত্রৰ চমকপ্রদ কাব্য-প্রতিভা৷ পিছে কেৱল উৰিষ্যা আৰু ভাৰতীয়ত্ব (Indianness)-ৰ দোহাই দি মোখনি মাৰিলে সংক্ষিপ্তকৰণৰ দোষে চুব৷ সামগ্রিক অর্থত আত্মিক অৱক্ষয়, প্রাত্যহিক জীৱনৰ নৈৰাজ্যবোধ, নিঃসংগতা-একাকীত্ব, ঈশ্বৰ আৰু মৃত্যু-চেতনাৰ উপৰি ব্যক্তিগত দ্বিধা-দ্বন্দ্ব-সংশয়ৰ ঐক্যসূত্রত গ্রথিত মহাপাত্রৰ কাব্যতত্ত্বৰ বিস্ময়বহুল পটভূমি৷ প্রতীক-চিত্রকল্পৰ সফল প্রয়োগে তেখেতৰ কলাভূমিক অপূর্ব উর্বৰতা প্রদান কৰি আহিছে৷ আধুনিকতাৰ লক্ষণস্বৰূপ নগৰ-চেতনাই মহাপাত্রৰ দুই-এক কবিতাত ভুমুকি মাৰিছে যদিও ইবোৰত অধিক ঘনত্ব দান কৰিছে অস্তিত্ববাদ অথবা নেতিবাদ (nihilism) অন্বিত ভাবানুষংগইহে :
Do we want to feel the ground
give way beneath us?
This is a barren world that has been
Prowling round my room,
Epidemics in the poisoned air,
Dusty streets stretching away
Like disgruntled socialists
(‘The Twenty-fifth Anniversary of the Republic’)
ব্যক্তিগত চেতনা-প্রৱাহ তির্যক-বক্রোক্তিৰে এক cosmic আয়তন প্রদান কৰাৰ চেষ্টাত কবিয়ে ত্রুটী কৰা নাই (প্রসংগতঃ স্মর্তব্য, আই এ ৰিচার্ডছ, ক্লীয়েন্থ ব্রুক৲ছ প্রভৃতি যশস্বী সমালোচকে ভাল কবিতাত অয়ৰনিৰ উপস্থিতি স্বীকাৰ কৰাৰ কথা)৷ উপৰি উক্ত স্তৱকটিৰ পঠনে পঢ়ুৱৈৰ মনলৈ বোৱাই আনিব এলিয়টৰ অনুষংগ (This is the dead land/This is the cactus land.... : ‘The Hollow Man’)৷ স্বৰাজোত্তৰ ভাৰতবর্ষত দুর্নীতি-দুর্ভিক্ষই ছানি ধৰি দুৰূহ কৰি তুলিছে মনুষ্যত্বৰ অভীপ্সা৷ হিংসা-দাৰিদ্রৰ কৰাল গ্রাসত সংশয়াচছন্ন প্রাত্যহিক কবিৰ বাবে ক্রমাৎ দুর্বিষহ হৈ পৰিছে৷ সমাজ আভৰণৰ অন্তৰালত সেয়েহে মহাপাত্রই এক নির্মম-নিকৰুণ বাস্তৱক আৱিষ্কাৰ কৰি আহূত বিষাদানুভূতিক শিল্পসন্মত ৰসায়নলৈ পর্যবসিত কৰিছে সাৱলীল কাব্যিকতাৰ মাজেৰে৷ ঔদ্যোগিক পুঁজিবাদপ্রদত্ত অপ্রত্যাশিত সংকট মহাপাত্রৰ কবিতাত ৰূপায়িত হৈছে জীৱন সংগীতৰ এক সর্বনাশী বিসংগতিৰ দ্যোতক হৈ৷ সংকটাপন্ন সভ্যতাৰ গতি আৰু সম্ভাৱনাক লৈও কেতবোৰ মুহূর্তত কবি সন্দিহান৷ আত্মসচেতন দৃষ্টিভংগীৰে ব্যক্তিগত দ্বিধা-দ্বন্দ্বৰ বাংময় প্রকাশ মহাপাত্রৰ কবিতাত সুলভ হ’লেও কবিয়ে তাত নৈর্বযক্তিকতা আৰোপ কৰিবও নোখোজা নহয়৷ সেয়েহে, দ্বৈতসত্তাৰ অস্তিত্ব (split-personality) তেখেতৰ কিছুসংখ্যক কবিতাত এক তাৎপর্যপূর্ণ সংঘটন৷ অস্তিত্ববাদৰ যন্ত্রণা আৰু নৈৰাশ্যৰ বিপৰীত সম্ভাৱনাৰ সন্ধানত মহাপাত্রৰ নিৰলস বিচৰণ (range) সৰল গাঁৱলীয়া জীৱন (‘Orissa Landscape’, ‘Evening in an Orissa Village’ আদিত)-আধ্যাত্মথলীৰ (‘Dawn at Puri’, ‘Taste for Tomorrow’ আদিত) মাজেৰে মহানগৰীৰ নিষিদ্ধ বস্তিলৈকে৷ কবিৰ বহুচর্চিত ‘The Whorehouse in Calcutta Street’ আৰু ‘Hunger’ প্রভৃতি কবিতাত দোহোপজীৱিনী আৰু উন্মাদিনীৰো সমাৱেশ ঘটিছে (street শব্দটোৱে ইয়াত গলিৰ লগতে অন্ধকাৰৰ অনুষংগ কঢ়িয়াই আন়ে, hunger-এ ব্যঞ্জিত কৰে সর্বহাৰাৰ ভোক আৰু দৈহিক ক্ষুধাৰ যুগপৎ আর্তস্বৰ)৷ নিশিত অন্তর্দৃষ্টিৰে ইবোৰত স্নিগ্ধতাত অন্তর্হিত বীভৎসতাৰ ছবিখন মহাপাত্রই উদ৲ঘাটন কৰিছে ব্যক্তিগত অভিজ্ঞতাক কল্পনাৰে ৰঞ্জিত কৰিব৷ পুঁজিবাদী সংস্কৃতিৰ আগ্রাসনে মনুষ্যৰ সনাতন প্রমূল্যবোৰ উছন কৰি প্রণয়ক পৰিণত কৰিলে পণ্যত আৰু আধ্যাত্মিকতাক বন্ধ্যাত্বৰ এক ট্রেজিক উপলব্ধিত৷ ক্ষয়িষ্ণু মানৱতাবোধৰ প্রকাশ শানিত, কিন্তু ইয়াৰ মাজতো অন্ধকাৰৰ বিপৰীতে পোহৰৰ অভিঘাত মহাপাত্রৰ কবিতাত দুর্লভ নহয়৷ ব্যক্তিনিষ্ঠ আৰু বস্তুনিষ্ঠ এই দুয়োবিধ বিষাদৰ ভাৰে তেখেতৰ কবিতাক আক্রান্ত কৰিছে৷ আপাত বাস্তৱৰ অন্তৰাল অন্বেষণত মহাপাত্রৰ কবিতাই বহুমাত্রিকতা লাভ কৰিছে যদিও প্রতীকবাদী কবিতাৰ যি multiple privacy সেয়া স্তিমিত, বৰঞ্চ সৰল বাক্যৰ জৰিয়তে বর্ণনাৰ আধিক্য সাব্যস্ত৷ সামগ্রিক অর্থত সেয়েহে আধুনিকতাপ্রসূত দাৰিদ্র-একাকীত্ব-নৈৰাশ্যৰ কৰুণ সুৰ একোটাহঁত কবিৰ প্রায়বোৰ কবিতাতেই অন্তর্লীন, চমকপ্রদ চিত্রকল্পৰ উপস্থিতিয়ে য’ত এক নতুন আয়তন সঞ্চাৰ কৰিছে : “Those giant trees fought the winds like belief” (‘Relationship’); “the present opens its toothless mouth wide” (‘The False Start’); “People occupied by benches” (‘At the Zoo’); “The one wide street / Lolls out like a giant tongue” (Taste for Tomorrow); “his lean-to opened like a wound (‘Hunger’) ইত্যাদি৷ প্রসংগান্তৰত মহাপাত্রৰ কোনো কোনো কবিতাত পাঠকে অষ্টাদশ শতিকাৰ কবি মেথু্য আর্ণল্ড অথবা হপ৲কিন্সৰ কথাবস্তুত ফুটি উঠা শিল্পায়নোত্তৰ যুক্তি-বিশ্বাসৰ দ্বন্দ্বৰ অনুনাদো বিচাৰি পাব পাৰে৷ কাব্যকলাৰ সাংগীতিক ধবনিময়তাৰ প্রসংগত এলিয়টে ‘The Music of Poetry’ শীর্ষক ৰচনাত প্রতীকৰ কথা অৱতাৰণা কৰিছে : “....a poem, or a passage of a poem, may tend to realize itself first as a particular rhythm before it reaches ex
I recollect the sunlight rustling the leaves
of your eyes, and I stop and retreat underneath
with the moment so I don’t lose it.
(‘An Evening Landscape by the River’)
Ð তুলনীয় ৱর্ডছৱর্থৰ বহুপঠিত ‘Tintern Abbey’ৰ আদি-অংশ৷ মহাপাত্রৰ কবিতাত কবিসত্তাৰ জীৱন জিজ্ঞাসু আংগিকৰ সংহত সমন্বয়ত চিত্তাকর্ষক অভিনৱত্বৰে ভাস্বৰ৷ অস্তিত্ববাদী মিষ্টিছিজমৰ বাংময় ব্যঞ্জনা কবিৰ ষ্টাইল-আংগিক-মেজাজত প্রকট, অৱশ্যে অভিপ্রেত অর্থসঞ্চাৰী শৈল্পিক সংগ্রাম কোনোখিনিত দুর্লংঘ্য ৰহস্যানুভূতি হৈ ধৰা দিছে নাইবা শাব্দিক আধিক্য হৈ৷ মহাপাত্রৰ কাব্য-মূল্যায়নত মূর্ত-বিমূর্তৰ সহাৱস্থান আৰু পদবিন্যাসৰ বিপুল সম্পৰীক্ষা (“juxtaposition of abstract and concrete words/syntactic experiments”)-ৰ প্রসংগও সততে উৎসাৰিত হয়৷ সত্তাধর্মী মেটাফিজিক্যাল কাব্যধর্মৰ সন্ধানো ইবোৰত জনেক সমালোচকে লাভ কৰিছে৷ ইয়াৰ উপৰি, ন ন ভাষিক সম্পৰীক্ষা যথা, দ্বৈত বিৰোধ (binary opposition), চিত্রকল্প-প্রতীকৰ সমাহাৰ, পৰোক্ষ সূচনা (allusion) তথা বক্রোক্তিপূর্ণ শব্দৰীতিৰ আধিক্যই সম্প্রতি মহাপাত্রৰ উত্তৰ-আধুনিক rendering সম্ভৱ কৰি তুলিছে৷ তেখেতৰ প্রায়বোৰ কবিতাৰে মর্ম আচছন্ন হৈ আছে এগৰাকী অসহায় অথচ ৰহস্যঘন ৰমণীৰ উপস্থিতিৰ়ে, কাজেই ইবোৰৰ নাৰীবাদী বিশ্লেষণো সম্ভৱ হৈ উঠিব পাৰে৷ কবিৰ সাম্প্রতিকতম কাব্য সংকলন Bare Face (2000), Random Descent (2005) আৰু The Lie of Dawns : Poem 1974-2008 (2009)-ৰ পাছতো ভালেমান কবিতা অসংকলিত৷ কাব্য ৰচনাৰ উপৰি তেখেতৰ গল্প সংকলন The Green Gardener (1997) আৰু ৰচনা-সংগ্রহ Door of Paper: Essays and Memoirs (2006) পাঠক সমাজত অনুৰূপ সমাদৃত৷ হাৱাই (1976], ছিড৲নী (1978], এডেলেইড (1978]-ৰ উপৰি 1984-ত টকিঅ’ত অনুষ্ঠিত Asian Poets Conference-ত কবিতা পাঠৰ বাবে আমন্ত্রণ লাভ কৰি ভূয়সী প্রসংশা আদায় কৰিবলৈ সক্ষম হোৱা জয়ন্ত মহাপাত্র প্রকাৰান্তৰে সেই কিয়দসংখ্যক ভাৰতীয় ইংৰাজী কবিৰ অন্যতম যাৰ অনির্বচনীয় সৃজন সমৃদ্ধি ভৌগোলিক সীমনাৰ ব্যতিৰেকে বিশ্বৰ বিভিন্ন প্রান্তত এক সুকীয়া মর্যাদাৰে স্বীকৃত৷ চিকাগোৰ Jacob Glatstein Memorial Award (1975), লণ্ডনৰ Poetry International (1992)-ত ‘আমন্ত্রিত কবি’ৰ সন্মান তথা ভাৰতবর্ষৰ পদ্মশ্রী (2009)ৰে বিভূষিত অনন্য সাধাৰণ অশীতিপৰ কবিকণ্ঠ জয়ন্ত মহাপাত্র সপ্রতিভ আৰু উদ্যমী৷ তেখেতৰ লেখা অনাগত দিনবোৰতো থমকি ৰ’বলৈ নাৰাজ Ðভাৰতীয় ইংৰাজী কবিতাৰ কেননত নিঃসন্দেহে ই এক শুভংকৰ প্রত্যাশা৷
Comments