দুলীয়াজান, ৪ আগষ্টঃ দুলীয়াজান মহাবিদ্যালয়ৰ গণিত বিভাগৰ প্ৰৱক্তা প্ৰণৱজ্যোতি চেতীয়াৰ (৪৫) কালি নিশা ক'ভিডত আক্ৰান্ত হৈ মৃত্যু হয়। জানিব পৰা মতে এসপ্তাহৰ পূৰ্বে চেতীয়াৰ দেহত ক'ভিডৰ উপস্থিতি ধৰা পৰাৰ পাছৰে পৰা তেওঁ ডিব্ৰুগড়স্থিত অসম চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছিল। দুলীয়াজানৰ অইল আৱাসিক এলেকাৰ এ টাইপ আৱাসৰ নিৱাসী চেতীয়াৰ প্ৰকৃত ঘৰ শিৱসাগৰ জিলাৰ বেটবাৰী দ গাৱঁত বুলি জানিব পৰা গৈছে।
দুলীয়াজান মহাবিদ্যালয়তে কলেজীয়া শিক্ষা গ্ৰহণ কৰি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা গণিত শাস্ত্ৰত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰি ২০০৪-০৫ বৰ্ষত তেওঁ দুলীয়াজান মহাবিদ্যালয়তে প্ৰৱক্তা হিচাপে যোগদান কৰিছিল। পত্নী, এগৰাকী কন্যাসহ অনেক আত্মীয়ক ইহ সংসাৰত এৰি যোৱা প্ৰৱক্তা জনৰ বিয়োগত দুলীয়াজান মহাবিদ্যালয়ৰ পৰিচালনা সমিতি, শিক্ষক গোট, ছাত্ৰ একতা সভা, দুলীয়াজান আঞ্চলিক ছাত্ৰ সন্থা, টাই আহোম ছাত্ৰ সন্থা দুলীয়াজান আঞ্চলিক, সন্মিলিত সাংবাদিক মঞ্চ দুলীয়াজান আদি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে শোক প্ৰকাশ কৰি শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে।
Comments