গুৱাহাটী, ৪ ছেপ্টেম্বৰ : ক্ৰিকেটৰ হৰভজন সিং হৈছে চেন্নাই চুপাৰ কিংছৰ দ্বিতীয়গৰাকী খেলুৱৈ যিয়ে দলৰ পৰা নিজৰ নাম প্ৰত্যাহাৰ কৰিছে । শুক্ৰবাৰে দললৈ এইবিষয়ত পত্ৰ প্ৰেৰণ কৰে ক্ৰিকেটাৰ জনে । নাম প্ৰত্যাহাৰ কৰাৰ কাৰণ সম্পূৰ্ণ ব্যক্তিগত বুলি উল্লেখ কৰিছে খেলুৱৈজনে ।
উল্লেখ্য যে ইউ এ ই'ত উপস্থিত হোৱাৰ পিছতো চেন্নাই চুপাৰ কিংছৰ দলৰ বহু খেলুৱৈ ক'ভিডত আক্ৰান্ত হয় যদিও বহুজনৰে সুস্থ হোৱাৰ খবৰ আহে । লাভ কৰা খবৰ অনুসৰি ২১ আগষ্ট তাৰিখতেই ইউ এ ই'ত উপস্থিত হোৱা দলটোৱে ক'ভিড ১৯ৰ বাবে উক্ত দেশত প্ৰশিক্ষণ আৰম্ভ কৰিব পৰা নাই ।
চেন্নাই চুপাৰ কিংছ আই পি এলৰ খিতাপ তিনি বাৰ জয় কৰিবলৈ সক্ষম হৈছে ।
Comments