প্ৰণৱজ্যোতি দত্ত,১ছেপ্তেম্বৰ:মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে সোমবাৰে গুৱাহাটীৰ খানাপাৰাস্থিত প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত অসম অসামৰিক খাদ্য যোগান নিগমৰ অধীনত ধান বনা মিল স্থাপন আঁচনিৰ কাৰ্যসূচীৰ শুভাৰম্ভণি কৰে।
ধান বনা মিল স্থাপনৰ বাবে উদ্যোগী সকলক দুটা বিভাগত ক্ৰমে ১০ লাখ টকাআৰু ১৫লাখ টকাৰ সাহায্য প্ৰদান কৰাৰ ব্যৱস্থা কৰা হৈছে।
এই আঁচনিৰ অধীনত ঘণ্টাত ১ টন ধান বানিব পৰা পাৱাৰ থকা ১০০ টা মিলৰ বাবে ১০ লাখ টকাকৈ আৰু ঘণ্টাত ২ টন ধান বানিব পৰা ৭০টা মিলৰ বাবে ১৫ লাখ টকাৰ কেপিটেল চাবচিডীৰ ব্যৱস্থা কৰা হৈছে।
উল্লেখযোগ্য যে,এই অনুষ্ঠানত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উপৰি অসামৰিক খাদ্য যোগান বিভাগৰ মন্ত্ৰী ফণীভূষণ চৌধুৰী,মন্ত্ৰী কেশৱ মহন্ত,মুখ্যমন্ত্ৰীৰ প্ৰেছ উপদেষ্টা ঋষিকেশ গোস্বামী,মন্ত্ৰী নৱ কুমাৰ দলেৰ লগতে অন্যান্য বিষয়ববীয়াসকল উপস্থিত থাকে।
Comments