গুৱাহাটী, ৬ ছেপ্টেম্বৰ : ভাৰতবৰ্ষৰ প্ৰাক্তন বিত্তমন্ত্ৰী পি চিদাম্বৰমে আজি সামাজিক মাধ্যম টুইটাৰ যোগে ভাৰত চৰকাৰলৈ বিধস্ত অর্থনীতিৰ পুনঃউদ্ধাৰ সম্পর্কে কিছু পৰামৰ্শ আগবঢ়ায়। উল্লেখ্য যে ক'ভিড ১৯ পৰিস্থিতিৰ বাবে দেশৰ জি. ডি. পি ভয়ংকৰ ভাবে নিম্নগামী হোৱা পৰিলক্ষিত হৈছে । পি চিদাম্বৰমে চাহিদা/খৰছৰ ক্ষেত্ৰত উৎসাহিত কৰা আৰু বিধস্ত অৰ্থনীতিক পুনৰুজ্জীৱিত কৰাৰ ক্ষেত্ৰত কিছু পৰামর্শ আগবঢ়াই কয় যে,
১) দুখীয়া৫০% পৰিয়ালক কিছু নগদ ধন সাহায্য হিচাপে বিতৰণ কৰক
২)যিসমূহ পৰিয়ালক প্ৰয়োজন তেওঁলোকক খাদ্য শস্য যোগান ধৰক
৩) আন্তঃগাঁথনিৰ সৈতে জড়িত প্ৰকল্প সমূহত খৰচ বৃদ্ধি কৰক
৪) খাদ্য শস্যৰ ভঁৰাল ব্যৱহাৰ কৰি মজুৰি প্ৰদান কৰক আৰু জনসাধাৰণৰ কাম কাজ আৰম্ভ কৰক ।
৫) বেংকসমূহক পুনঃ উদ্ধাৰ কৰি তেওঁলোকে যাতে ধাৰ দিব পাৰে তাৰ ব্যৱস্থা কৰা
৬)ৰাজ্য সমূহক জি-এছ-টি ৰ ক্ষতিপূৰণ দিয়া
তদুপৰি পি চিদাম্বৰমে টকাৰ উত্থানৰ ক্ষেত্ৰত কিছু পৰামৰ্শ আগবঢ়ায়-
১) এফ আৰ বি এম মান সমূহৰ ক্ষেত্ৰত শিথিলতা আনক আৰু এইটো বছৰত অধিক ধাৰ কৰা
২)পুনঃ নিৰ্মানক গতি প্ৰদান কৰা
৩) আই এম এফ, ডব্লিউ বি, এ ডি বি আদিৰ পৰা ৬.৫ বিলিয়ন ইউ এছ ডলাৰৰ যি প্ৰস্তাৱ আছিল তাক গ্ৰহণ কৰা ।
৪)ঘাটিক মুদ্ৰাৰূপে প্ৰচলন কৰা ।
পি চিদাম্বৰমে ভাৰত চৰকাৰক সমালোচনা কৰি কয় যে ভাৰত বিশ্বৰ একমাত্ৰ দেশ য'ত লকডাউনৰ পিছত আক্ৰান্তৰ সংখ্যা কম হোৱাৰ পৰিৱর্তে বাঢ়িছেহে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছিল যে ২১দিনত ক'ৰনা ভাইৰাছক আমি পৰাজিত কৰিম বুলি । তদুপৰি বিত্তমন্ত্ৰালয়ে ২০২০-২১ৰ Q1ৰ জিডিপিৰ ঋণাত্মক গতি সম্পৰ্কে একো স্পষ্টীকৰণ দিয়া নাই কিন্তু পূর্বৰ ভৱিষ্যৎবাণী কৰাৰ সেই পুৰণা খেললৈ উভতি আহিছে ।
Comments