Cartoon
View Older
প্ৰণৱজ্যোতি দত্ত, ৭ ছেপ্তেম্বৰ:মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ ঠাকৰেৰ বাসগৃহ ‘মাতোশ্ৰী’ত বোমা বিস্ফোৰণৰ ভাবুকি প্ৰদান।
জানিব পৰা মতে,মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেৰ মুম্বাইৰ ঘৰলৈ পাকিস্তানত আশ্ৰয় লৈ থকা মাফিয়া ডাউদ ইব্ৰাহিমৰ ঘনিষ্ঠই ফোন কৰি ভাবুকি দিছে।
শনিবাৰে নিশা মুঠতে তিনি-চাৰি বাৰ মুখ্য মন্ত্ৰীৰ বাসভৱনলৈ অচিনাকি নম্বৰৰ পৰা ফোন আহিছিল।ইয়াৰ পাছতে ৰাজ্যখনৰ আৰক্ষী প্ৰশাসনে জৰুৰী সতৰ্কতামূলক ব্যৱস্থা হিচাপে মুখ্য মন্ত্ৰী গৰাকীৰ নিৰাপত্তা কটকটীয়া কৰি তুলিছে।
উল্লেখযোগ্য যে,এই খবৰ লাভ কৰাৰ পাছতে মুম্বাই আৰক্ষী তৎপৰ হৈ তদন্ত আৰম্ভ কৰিছে।ইতিমধ্যে,মুম্বাই আৰক্ষীয়ে ফোনকলৰ ব্যক্তিজন ডাউদৰ দলৰ সদস্য হয়নে নহয় তাৰো বিতং পৰীক্ষা কৰি আছে।
Comments