Classifieds
View All
প্ৰণৱজ্যোতি দত্ত,২৮আগষ্ট:পুনৰ চৰ্চাত ছানি লিয়নিৰ নাম।এইবাৰ অলপ পৃথক বিতৰ্কত সোমাই পৰিছে ছানি লিয়নি।পশ্চিমবংগৰ দক্ষিণ কলকাতাৰ প্ৰসিদ্ধ আশুতোষ কলেজৰ ইংৰাজী বিভাগৰ মেধাৰ তালিকা দেখি সকলোৰে চকু কপালত।
কিয়নো সেই তালিকাত প্ৰথমতেই আছে ছানি লিয়নিৰ নাম।জানিব পৰা মতে, ২৭ আগষ্টত আশুতোষ কলেজৰ মেধা তালিকা প্ৰকাশ পাইছিল।
সেই তালিকাত ছানি লিয়নিৰ নাম থকা আবেদন পত্ৰৰ নম্বৰ হৈছে ৯৫১৩০০৮৭০৪ আৰু ৰোল নম্বৰ হৈছে ২০৭৭৭৭-৬৬৬৬।বেষ্ট অফ ফ’ৰত তেওঁৰ প্ৰাপ্ত নম্বৰ হৈছে ৪০০ আৰু সেইদৰে প্ৰতিটো বিষয়তে তেওঁ এশ শতাংশ নম্বৰ লাভ কৰিছে।
উল্লেখযোগ্য যে,প্ৰসিদ্ধ কলেজখনৰ প্ৰকাশিত এনে মেধাৰ তালিকা ছচিয়েল মিডিয়াতো ভাইৰেল হৈ পৰিছে।অৱশেষত অনিচ্ছাকৃত এনে ভুলৰ বাবে আশুতোষ কলেজৰ কৰ্তৃপক্ষই ইতিমধ্যে ক্ষমা বিচাৰিছে।
Comments