Cartoon
View Older
প্ৰণৱজ্যোতি দত্ত,৩০আগষ্ট:প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ‘মন কী বাত’ৰ জৰিয়তে দেশবাসীক সম্বোধন কৰে।দেশক পুনৰবাৰ আত্মনিৰ্ভৰ ভাৰতৰ বাৰ্তা দিলে নৰেন্দ্ৰ মোদীয়ে।
উল্লেখযোগ্য যে,মোডীয়ে তেওঁৰ ভাষণত দেশৰ পুতলা উদ্যোগক শক্তিশালী কৰাৰ বাবে মোডীয়ে আহ্বান জনায়।এই প্ৰসংগত মোডীয়ে অসমৰ ধুবুৰীৰ নাম বিশেষভাবে উল্লেখ কৰি কয় যে, "ধুবুৰীৰ লগতে উত্তৰ প্ৰদেশৰ বাৰানসী,কৰ্ণাটকৰ চান্নাপাটনা,তামিলনাডুৰ তাঞ্জাভৰ আদিৰ পুতলা উদ্যোগৰ বিশেষ নাম আছে।"
প্ৰধানমন্ত্ৰীয়ে কয় যে, "পুতলাৰ সৈতে আমি নিজৰ গৌৰৱশালী অতীতক নিজৰ জীৱনলৈ আকৌ আনিব পাৰো আৰু স্বৰ্ণিল ভৱিষ্যতলৈও গতি কৰিব পাৰো।মই ষ্টাৰ্টআপ বন্ধু,আমাৰ নতুন উদ্যোগীসকলক কওঁ যে আহক পুতল বনাওঁ।
এতিয়া সকলোৰে বাবে লোকেল পুতলাৰ বাবে ভোকেল হোৱাৰ সময়।আমি এনেকুৱা পুতলা বনাম,যিবোৰ পৰিৱেশৰ প্ৰতিও অনুকূল হ’ব।"
Comments