Classifieds
View All
প্ৰণৱজ্যোতি দত্ত, ১৫ছেপ্তেম্বৰ:ইণ্ডোনেছিয়া চৰকাৰে মাস্ক নিপিন্ধা লোকক উচিত শাস্তি দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিছে।মাস্ক নিপিন্ধিলে খান্দিব লাগিব কৰ'নাত মৃত্যু হোৱা লোকৰ কবৰ।
ইতিমধ্যে আন্তৰ্জাতিক সংবাদ প্ৰতিষ্ঠান ডেইলী মেইলত এই ঘটনা প্ৰকাশ হৈছে।জানিব পৰা মতে, ইণ্ডোনেছিয়াৰ পূব জাভাত ৮জন লোক এই কঠোৰ শাস্তিৰ সন্মুখীন হৈছে।
উল্লেখযোগ্য যে,কৰ'না ভাইৰাছ ৰোধৰ বাবে চৰকাৰে মাস্ক পিন্ধাটো বাধ্যতামূলক কৰিছে।কিন্তু একাংশ লোকে কোনো নিয়ম-নীতি নমনাকৈ ঘূৰি ফুৰিছে।
Comments