দুলীয়াজানঃ ১৫ ছেপ্টেম্বৰঃ বাঘজানস্থিত অইলৰ বি জি আৰ ৫ নং তৈলক্ষেত্ৰত যোৱা ৯ ছেপ্টেম্বৰত মৃত্যু হোৱা জ্যেষ্ঠ অভিযন্তা অৰ্ণৱ কিশোৰ বৰদলৈৰ প্ৰতি আজি উদ্যোগ প্ৰতিষ্ঠানটোৱে ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।
এই উপলক্ষে দুলীয়াজান বিহুতলী প্ৰাংগণত আয়োজন কৰা ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত প্ৰয়াত অভিযন্তা জনৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ আৰু বন্তি প্ৰজ্বলন কৰে আৱাসিক মুখ্য বিষয়া দিলীপ কুমাৰ দাস, অভিযান শাখাৰ সঞ্চালক পংকজ গোস্বামী, কাৰ্যবাহী সঞ্চালক প্ৰশান্ত বৰকাকতী আদিৰ লগতে অইলৰ বিভিন্ন বিষয়া বৰ্গই।
ইয়াৰ পাছতে অনুষ্ঠিত এক শোকসভাত অইলৰ অধ্যক্ষ ও পৰিচালন সঞ্চালক সুশীল চন্দ্ৰ মিশ্ৰই ভিডিঅ বাৰ্তা যোগে শোকবাৰ্তা প্ৰেৰণ কৰাৰ উপৰিও বিষয়াবৰ্গই অভিযন্তা জনৰ উদ্যোগ প্ৰতিষ্ঠানটোৰ প্ৰতি থকা অৱদানক স্বীকাৰ কৰি শোকসন্তপ্ত পৰিয়াল বৰ্গলৈ সমবেদনা জ্ঞাপন কৰে।
Comments