প্ৰণৱজ্যোতি দত্ত, ১৫ছেপ্তেম্বৰ:অচিনাকি ব্যক্তিৰ ভিডিঅ’ কল ৰিচিভ কৰোঁতে সাৱধান হওক৷সাৱধান ন’হলে যিকোনো সময়তে আপুনি বিপদত পৰিব পাৰে৷দুষ্ট চক্রই ভিডিঅ’ কলিং কৰি অসৎ উপায়েৰে আপোনাক কৰিব পাৰে ব্লেকমেইলিং৷
ইতিমধ্যে শেহতীয়াকৈ এই ঘটনা পোহৰলৈ আহিছে৷এইবাৰ দুষ্ট চক্রই টার্গেট কৰিলে ‘দৈনিক জনমভূমি’ কাকতৰ এগৰাকী সংবাদকর্মীক৷এই ঘটনাৰ পাছতেই দিগন্ত পটোৱাৰী নামৰ যুৱকজনে ইতিমধ্যে দিছপুৰ থানাত এখন এজাহাৰ দাখিল কৰি দোষীৰ বিৰুদ্ধে উচিত তদন্ত গ্রহণ কৰিবলৈ আৰক্ষীক দাবী জনাইছে৷
ঘটনা সন্দর্ভত ভুক্তভোগী যুৱকজনে জানিবলৈ দিয়া অনুসৰি ১২ ছেপ্টেম্বৰত তেওঁৰ ফে’চবুক একাউণ্টলৈ 'Sonam Sharm' নামৰ এটা ফে’চবুক একাউণ্টৰ পৰা ফ্রে’ণ্ড ৰিকুৱেষ্ট আহে৷ফ্রে’ণ্ড ৰিকুৱেষ্টটো এক্সচেপ্ট কৰাৰ পাছদিনা অর্থাৎ ১৩ ছেপ্টেম্বৰত উক্ত ফে’চবুক একাউণ্টৰ পৰা মেছেঞ্জাৰত এছ এম এছ কৰে, আৰু তেওঁ বন্ধুত্বৰ খাতিৰত সঁহাৰি জনায়৷কিন্তু পাছমুহূর্তত মেছেঞ্জাৰযোগে ভিডিঅ’ কল কৰে৷
প্রথমবাৰ সেই ভিডিঅ’ কল অগ্রাহ্য কৰাৰ পাছত পুনৰ ৮৮৭৫৭-৯৭৫২৪ ম’বাইল নম্বৰৰ পৰা হোৱাটছএপ নম্বৰত এটা অচিনাকি নম্বৰৰ পৰা ভিডিঅ’ কল আহে৷তেওঁ হোৱাটছএপ যোগে অহা ভিডিঅ’ কলটো ৰিছিভ কৰে আৰু বিপৰীত দিশত এটি শিশুৰ সৈতে থকা এগৰাকী মহিলাই কথা পাতিবলৈ বিচাৰে৷কিন্তু মহিলাগৰাকীৰ কথাবোৰ বুজি নোপোৱাত তেওঁ হাতৰ অংগী-ভংগীৰে কথা পাতিবলৈ বিচাৰে৷
তেওঁ মহিলাগৰাকীক কিছু পৰিমাণে সঁহাৰি জনাই ভিডিঅ’ কলটো কাটি দিয়ে৷ইয়াৰ ঠিক ১০ মিনিটমান পাছত তেওঁৰ হোৱাটছএপত এটা ভিডিঅ’ প্রেৰণ কৰি ধমকি দিয়ে আৰু এই ভিডিঅ’টো ছচিয়েল মিডিয়াত ৰাজহুৱা কৰিব লাগিব নে নাই সোধে৷
উল্লেখযোগ্য যে মহিলাগৰাকীৰ সৈতে ভিডিঅ’ কলত কৰা বার্লাপৰ অংশখিনি সম্পাদনা কৰি এটা বেয়া ভিডিঅ’ৰ সৈতে সংলগ্ন কৰি থোৱা আছিল৷ইয়াৰ পৰাই স্পষ্ট হৈছে যে এক দুষ্ট চক্রই এতিয়া এনেদৰেই অসৎ উপায়েৰে বিভিন্নজনক ব্লেকমেইলিং কৰাৰ দৰে পথ বাছি লৈছে৷গতিকে এইক্ষেত্রত আৰক্ষী-প্রশাসন অধিক কঠোৰ হোৱাটো প্রয়োজনীয় হৈ পৰিছে৷
Comments