গুৱাহাটী , ১১ ছেপ্টেম্বৰ : ৰাষ্ট্ৰবাদী জাতীয় কংগ্ৰেছ (এন চি পি)ৰ প্ৰধান শাৰদ পাৱাৰে কয়- “কংগনা ৰানাৱটৰ ঘৰ ধ্বংসক লৈ কোনো মহাৰাষ্ট্ৰৰ ৰাজ্য চৰকাৰৰ কোনো সম্পৰ্ক নাই । তেওঁৰ ঘৰ ধ্বংসৰ সৈতে জড়িত আছে বৃহন্মুম্বই পৌৰ নিগম (বি এম চি)ৰ । বি এম চি'য়ে তেওঁলোকৰ নিয়ম নীতি পালন কৰি উক্ত কাম কৰিছে ।"
লোকসভাৰ প্ৰশ্ন কাল বাতিল কৰাৰ বিষয়ত মন্তব্য কৰি শাৰদ পাৱাৰে কয় – “এই বছৰৰ পৰিস্থিতি সম্পূৰ্ণ পৃথক । প্ৰশ্নকাল বাতিলৰ এই পৰিস্থিতি আগতে হোৱা নাছিল । যদিহে এনে পৰিস্থিতিত আমি পৰিপক্ক ভাবে কাম নকৰোঁ, আচৰণ নকৰোঁ কোনে কৰিব ? “
উল্লেখ্য যে যোৱা ৪ ছেপ্টেম্বৰত লোকসভাৰ সঞ্চালকে স্পষ্ট কৰিছিল যে ক'ভিড ১৯ৰ বাবে এইবাৰৰ প্ৰশ্নকাল সাময়িক ভাৱে বাতিল কৰা হৈছে । সংসদৰ শীতকালীন অধিৱেশনত এই প্ৰথা পুনৰ উভতি আহিব ।
Comments