গুৱাহাটী , ১২ ছেপ্টেম্বৰ : বলিউদৰ জনপ্ৰিয় অভিনেত্ৰী কংগনা ৰানাৱটৰ বৰ্তমান মহাৰাষ্ট্ৰ চৰকাৰ আৰু বলিউদৰ একাংশ ব্যক্তিৰ বিৰুদ্ধে চলা সংগ্ৰাম খনক সত্যৰ হৈ কৰা যুদ্ধ আৰু এই যুদ্ধক ভাল আৰু বেয়াৰ মাজত হোৱা এখন বৃহৎ যুদ্ধ আখ্যা দিছে অভিনেত্ৰী গৰাকীৰ পিতৃয়ে ।
কংগনাৰ পিতৃ অমৰদীপ ৰানাৱটে কয় - কংগনাৰ যি অভিযান সেয়া ভগবান শ্ৰী কৃষ্ণই যুদ্ধক্ষেত্ৰক অৰ্জুনক দি থকা মন্ত্ৰনাৰ লেখীয়া । প্ৰথমে মোৰো চিন্তা হৈছিল কিন্তু সমগ্ৰ ৰাষ্ট্ৰৰ প্ৰতিক্ৰিয়া প্রত্যক্ষ কৰি কংগনাৰ যুদ্ধ খন এতিয়া মই বুজি উঠিছোঁ ,কিহৰ বাবে মোৰ জীয়ৰীয়ে যুদ্ধ কৰি আছে ।
কংগনাই সঠিক কাম কৰি আছে । মোৰ জীয়ৰী এই যুদ্ধখন সমগ্ৰ স্বনিৰ্ভৰশীল মহিলা সকলৰ অধিকাৰৰ বাবে কৰা যুদ্ধ বুলি পিতৃয়ে আখ্য দিয়ে ৷
Comments