গুৱাহাটী , ১৩ ছেপ্টেম্বৰ : জাপানৰ নাওমি ওছাকাই জয় কৰিলে ২০২০চনৰ ইউ এছ অপেন । ইউ.এছ. অপেনৰ চূড়ান্ত খেলত নাওমি ওছাকাই বেলাৰুছৰ ভিক্টোৰিয়া আজাৰেংকাক ১-৬, ৬-৩ আৰু ৬-৩ত পৰাজিত কৰে ।
উল্লেখ্য যে নাওমি ওছাকাই এতিয়ালৈ মুঠ ৩টা গ্ৰেণ্ডশ্লেম খিতাপ বিজয় কৰিবলৈ সক্ষম হৈছে। তেওঁ ২০১৮ চনত প্ৰথমে ইউ.এছ.অপেন , ২০১৯ত অষ্ট্ৰেলিয়ান অপেন আৰু ২০২০চনত পুনৰ ইউ.এছ.অপেনৰ খিতাপ বিজয় কৰে ।
Comments