Classifieds
View All
গুৱাহাটী , ১৩ ছেপ্টেম্বৰ : আজি বলিউডৰ অভিনেত্ৰী কংগনা ৰানাৱট আৰু তেওঁৰ ভগ্নী ৰংগলিয়ে মহাৰাষ্ট্ৰৰ ৰাজ্যপাল ভাগৱত সিং কোশ্যাৰিক সাক্ষাৎ কৰে । সাক্ষাৎৰ পিছত কংগনা ৰানাৱটে কয় যে , ‘মই আজি ৰাজ্যপালক সাক্ষাৎ কৰিলোঁ । তেওঁক মই মোৰ সৈতে হৈ থকা অন্যায় মূলক ব্যৱহাৰৰ বিষয়ে জনাইছোঁ । তেওঁ মোক নিজৰ জীয়ৰীৰ দৰে ব্যৱহাৰৰ কৰিছে । মই আশা কৰিছোঁ যে মোক ন্যায় প্ৰদান কৰা হওক আৰু ইয়াৰ দ্বাৰাই সকলো নাগৰিকৰ ব্যৱস্থাৰ প্ৰতি থকা বিশ্বাস পুনৰ উভতি আহিব ।’
ৰাজনৈতিক দলৰ সৈতে থকা সম্পৰ্কত কংগনাই স্পষ্ট কৰি কয় যে, ‘মোৰ কোনো ৰাজনৈতিক দলৰ সৈতে সম্পৰ্ক নাই । এজন সাধাৰণ নাগৰিক হিচাপে এই মুম্বাই মহানগৰত আৰম্ভণি কৰিছোঁ আৰু এই মহানগৰে মোক বহুত দিছে।’
Comments