দুলীয়াজান,14 ছেপ্টেম্বৰঃ বাঘজানস্থিত অইলৰ বি জি আৰ ৫ নং তৈলক্ষেত্ৰত যোৱা ৯ ছেপ্টেম্বৰত মৃত্যু হোৱা জ্যেষ্ঠ অভিযন্তা অৰ্ণৱ কিশোৰ বৰদলৈৰ পিতৃয়ে উদ্যোগ প্ৰতিষ্ঠানটোলৈ প্ৰেৰণ কৰা এখন পত্ৰই তীব্ৰ জোকাৰণিৰ সৃষ্টি কৰিছে।
সম্প্ৰতি সামাজিক মাধ্যমত ভাইৰেল হৈ পৰা চিঠিখনক লৈ বিভিন্ন মহলত ব্যাপক চৰ্চা লাভ কৰিছে। কম বয়সীয়া অভিযন্তা জনৰ পিতৃ বিজিত কুমাৰ বৰদলৈৰ স্বাক্ষৰিত পত্ৰখনত উল্লেখ কৰিছে যে বাঘজানৰ ঘটনাত পৰিয়ালৰ এজনক হেৰুৱাই মৰ্মাহত। অইলৰ দৰে এটা দেশৰ ৰাজহুৱা খণ্ডৰ লাভজনক উদ্যোগ প্ৰতিষ্ঠানৰ হেমাহিত মৃত্যু হোৱা অভিযন্তা জনৰ ক্ষতিপূৰণেৰে পূৰণ কৰিব নোৱাৰে বুলিও পত্ৰখনত উল্লেখ।
অইলৰ সুৰক্ষাৰ দিশৰ প্ৰতি আঙুলি টোৱাই পিতৃয়ে এজন অভিযন্তাৰ বিদ্যুৎপৃষ্ট হৈ মৰাটো গ্ৰহণযোগ্য নহয় বুলি ক্ষোভ প্ৰকাশ কৰাৰ লগতে ঘটনাস্থলীত প্ৰৱেশ পথৰ পৰা চি চি টিভিৰ ফুটেজ, বিপদজনক পৰিস্থিতিলৈ এজন নতুন অভিযন্তাক কিয় পঠাব লগা হল, এনে স্থানত আন জ্যেষ্ঠ অভিযন্তাই কাম কৰে নে নকৰে, ঘটনাস্থলীত কাম কৰিবলৈ যাওতে সুৰক্ষাকৰ্মীৰ হাতত ফোনটো দি যোৱাটো বাধ্যতামূলক যদিও উক্ত দিনা কেনেকৈ অভিযন্তা জনে ফোনটো লগত নিছিল আদি বিভিন্ন প্ৰশ্নৰ উত্তৰ অইল ইণ্ডিয়া লিমিটেডৰ পৰা বিচাৰিছে।
ইয়াৰোপৰি ঘটনাৰ দিনা অভিযন্তাজনে কাৰ্যালয়ত কোনো এক বিষয়ৰ উপস্থাপন (presentation) কৰিবলগীয়া আছিল যদিও কি পৰিস্থিতিত অন্তিম মূহুৰ্তত সেয়া বাতিল কৰি জৰুৰীভাবে তেওঁক বাঘজানলৈ যাবলৈ নিৰ্দেশ জাৰি কৰিছিল তাৰো উত্তৰ বিচাৰিছে দুৰ্ভগীয়া পিতৃয়ে।
আনহাতে অইলে বিভিন্ন মাধ্যমত অৰ্ণৱ কিশোৰ বৰদলৈ ঘটনাস্থলীত অচেতন অৱস্থাত পৰি থকা বুলি উল্লেখ কৰাৰ বিপৰীতে কিমান সময় অভিযন্তাজন পৰি আছিল, ম'বাইল ফোনটো কেনেকৈ জ্বলি থকা অৱস্থাত উদ্ধাৰ হল আৰু মৃত্যুৰ প্ৰকৃত কাৰণ অইলে দিব নোৱাৰিলে অভিযন্তা জনৰ পিতৃ ন্যায়লয়ৰ কাষ চাপিব বুলিও পত্ৰখনত সকীয়াই দিছে।
আনহাতে অইল ইণ্ডিয়া লিমিটেডে সমগ্ৰ ঘটনাটোৰ তদন্তৰ বাবে জনসম্পৰ্ক বিভাগৰ মুখ্য মহাপ্ৰৱন্ধক দিলীপ কুমাৰ ভূঞা, ড্ৰিলিং বিভাগৰ মহাপ্ৰৱন্ধক জয়ন্ত কলিতা, বিদ্যুৎ বিভাগৰ উপ মহা প্ৰৱন্ধক দীপক কুমাৰ দাস আৰু সুৰক্ষা বিভাগৰ উপ মহাপ্ৰৱন্ধকৰূপম থাকেৰক লৈ এখন সমিতি গঠন কৰিছে। পৰৰ্বতী সময়ত এই সমিতিখনে অভিযন্তা জনৰ পিতৃৰ পত্ৰৰ উত্তৰ কেনেদৰে প্ৰদান কৰিব সেয়া হব লক্ষণীয়।
Comments