দুলীয়াজানঃ ১৮ ছেপ্টেম্বৰঃ বিশ্বকৰ্মা পূজাৰ নিশা বাঘজানত নিজৰ কৰ্তব্য সমাপন কৰি দুলীয়াজান অভিমুখে এ আৰ ০১ এফ ৮৫৮১ নম্বৰৰ হোণ্ডা চিটী গাড়ীখনত আহি থকা অৱস্থাতে বাহনখনে নিয়ন্ত্ৰণ হেৰুৱাই মধুবনৰ সমীপত পথৰ দাঁতিত বাগৰি পৰাৰ ফলত দুজন বিদেশী বিশেষজ্ঞ আহত হয় । ঘটনাৰ সময়ত বাহনখনত এগৰাকী মহিলাসহ মুঠ পাঁচগৰাকী লোক আছিল বুলি জানিব পৰা গৈছে ।
বাঘজানৰ অভিশপ্ত বি জি আৰ-৫ নম্বৰৰ তৈল কূপটোৰ জুইকুৰা নিৰ্বাপনৰ কামত নিয়োজিত ছিংগাপুৰৰ উক্ত দুই বিশেষজ্ঞক লগে লগে অইল কৰ্তৃপক্ষই ঘটনাস্থলীৰ পৰা উদ্ধাৰ কৰি অইল ইণ্ডিয়া হাস্পতালত প্ৰাথমিক চিকিৎসা কৰাৰ লগতে নিৰাপদ স্থানলৈ প্ৰেৰণ কৰে । অৱশ্যে দুৰ্ঘটনাটোত আহত আটাইকেইগৰাকী ব্যক্তি সংকটমুক্ত বুলি জানিব পৰা গৈছে ।
Comments