Classifieds
View All
প্ৰণৱজ্যোতি দত্ত, ৭ ছেপ্তেম্বৰ:অভিনেত্ৰী কংগনা ৰানাৱটলৈ ৱাই প্লাছ কেটেগৰীৰ নিৰাপত্তা প্ৰদান কৰিছে।
জানিব পৰা মতে,কংগনাই এগৰাকী ব্যক্তিগত নিৰাপত্তা বিষয়া,দুজন কমাণ্ডোসহ ১১জনীয়া জোৱানৰ সুৰক্ষা দল লাভ কৰিব।কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে কংগনাক ‘ৱাই প্লাছ’ শ্ৰেণীৰ নিৰাপত্তা প্ৰদান কৰিছে।
উল্লেখযোগ্য যে,মুম্বাইক ‘পাকিস্তান অধিকৃত কাশ্মীৰ’ আখ্যা দি মহাৰাষ্ট্ৰৰ শাসকীয় দল শিৱসেনাৰ ৰোষত পৰা কংগনাক শিৱসেনাৰ আক্ৰমণৰ লক্ষ্য কৰি লৈছিল।
আনকি তেওঁক মুম্বাইলৈ অহাৰ পৰাও বাৰণ কৰা হৈছিল।
Comments