মুম্বাই, ১০ ছেপ্টেম্বৰ ঃ বলিউডৰ অভিনেত্রী কংগনা ৰানাৱতে মহাৰাষ্ট্রৰ মুখ্যমন্ত্রী উদ্ধৱ থেকাৰেৰ বিৰুদ্ধে মন্তব্যৰ বাবে ইয়াৰ এখন থানাত গোচৰ ৰুজু কৰা হৈছে৷ উল্লেখযোগ্য যে কংগনাই উদ্ধৱ আৰু শিৱসেনাক অহৰহ সমালোচনা কৰি আছে৷ আজি তেওঁ মুখ্যমন্ত্রী উদ্ধৱ থেকাৰেক বংশবাদৰ নমুনা বুলি অভিযোগ কৰে আৰু শিৱসেনাক ছোনিয়া সেনা বুলি অভিহিত কৰে৷
উল্লেখযোগ্য যে কালি মুম্বাই পৌৰ নিগমে কালি তেওঁৰ কার্যালয়ৰ একাংশ ভাঙি পেলায়৷ পাছত ব’ম্বে উচচ ন্যায়ালয়ৰ হস্তক্ষেপত বি এম চিয়ে তেওঁৰ কার্যালয়ত চলোৱা অভিযান স্থগিত ৰাখে৷ ইফালে মুখ্যমন্ত্রী উদ্ধৱ থেকাৰেৰ বিৰুদ্ধে অপমানজনক মন্তব্য দিয়াৰ অভিযোগত বিক্রলি থানাত এটা গোচৰ ৰুজু কৰা হৈছে৷ কংগনা ৰানাৱতৰ প্রসংগটোত ৰাজ্যপাল ভগত সিং কৌছিয়াৰীও সক্রিয় হৈ পৰিছে৷
তেওঁ মুখ্যমন্ত্রীৰ প্রধান উপদেষ্টাৰ সৈতে এই প্রসংগতো আলোচনা কৰে আৰু ৰাজ্য চৰকাৰে অভিনেত্রীগৰাকীৰ বিৰুদ্ধে গ্রহণ কৰা ব্যৱস্থাত ক্ষোভ প্রকাশ কৰে৷ এই প্রসংগটোক লৈ ৰাজ্যপালে কেন্দ্রলৈ এখন প্রতিবেদন প্রেৰণ কৰিব বুলি জানিব পৰা গৈছে৷
উল্লেখযোগ্য যে কংগনাই মুখ্যমন্ত্রী উদ্ধৱ থেকাৰেৰ বিৰুদ্ধে টুইটাৰত এইবুলি কৈছিল, ‘আপোনাৰ পিতৃৰ ভাল কর্মই আপোনাক ধন-দৌলত দিব পাৰে কিন্তু সন্মান আপুনি নিজে আর্জিব লাগিব, মোৰ মুখ বন্ধ কৰিব পাৰে, কিন্তু মোৰ কণ্ঠ মোৰ পাছত শ আৰু তাৰ পাছত লাখ লাখ লোকৰ মুখত শুনিবলৈ পাব, কাৰ মুখ বন্ধ কৰিব? কিমান কণ্ঠ বন্ধ কৰিব৷ কিমান দিনলৈ সত্যৰ পৰা পলায়ন কৰি থাকিব?
আপুনি বংশবাদৰ এক নমুনা৷’ ইফালে কংগনাৰ বান্দ্রাত থকা ভৱন বি এন চিয়ে কালি ভঙা কার্যৰ বিৰুদ্ধে উচচ ন্যায়ালয়ত দাখিল কৰা আৱেদনৰ শুনানি ২২ ছেপ্টেম্বৰলৈকে স্থগিত ৰখা হয়৷ কংগনাৰ আদালতত দাখিল কৰা অভিযোগৰ বি এম চিয়ে উচচ ন্যায়ালয়ত উত্তৰ দিয়া বুলি জানিব পৰা গৈছে৷
কালি বি এন চিয়ে চলোৱা অভিযানত প্রায় এক কোটি টকাৰ ক্ষতি হয় বুলি অনুমান কৰা হৈছে৷ আজি কংগনাই ভৱনটো পৰিদর্শন কৰে৷ ইফালে, কেন্দ্রীয় গৃহ মন্ত্রী অমিত শ্বাহে কংগনাৰ নিৰাপত্তা ব্যৱস্থা গ্রহণ কৰাৰ বাবে তেওঁৰ প্রতি কৃতজ্ঞতা প্রকাশ কৰি অভিনেত্রীগৰাকীৰ মাতৃয়ে আজি কংগ্রেছ ত্যাগ কৰি বিজেপিত যোগ দিয়ে৷
Comments