বিবৃতিটোত ডিব্ৰু-শদিয়া ৰেলপথত ডাঙৰী আৰু মাকুমৰ মাজত যাত্ৰীৰ সুবিধা-অসুবিধাৰ প্ৰতি সম্পূৰ্ণভাবে আওকান কৰি ডে’ম ৰেল সেৱা প্ৰৱৰ্তন কৰি উত্তৰ পূৱ সীমান্ত ৰেল প্ৰশাসনে ৰেল যাত্ৰীৰ অভাৱ তথা লোকচানৰ দোহাই দি ৰেলপথটোত চিৰদিনৰ বাৱে ৰেল সেৱা বন্ধ কৰি দিয়াৰ ষড়যন্ত্ৰত লিপ্ত হোৱাৰ অভিযোগ তুলিছে ৷
Read Moreমেকলেৰ দিনৰ শিক্ষানীতিৰ কুপ্ৰভাৱৰ পৰা আমাৰ দেশৰ শিক্ষা ব্যৱস্থাক পুনৰুদ্ধাৰ কৰি বিশ্বমানৰ শিক্ষা ব্যৱস্থা গঢ়িতোলাত অসমৰ মুখ্যমন্ত্ৰীৰ যি ইচ্ছা সেই ইচ্ছাক সকলোৱে সমাদৰ কৰিব বুলি তেখেতে আশা প্ৰকাশ কৰে ৷ ৰাষ্ট্ৰীয় শিক্ষানীতি ৰূপায়নৰ ক্ষেত্ৰত শিক্ষক আৰু ছাত্ৰ সমাজৰ ইতিবাচক ভূমিকাৰ কথাও তেখেতৰ ভাষণত উল্লেখ কৰে ৷ প্ৰাঞ্জল বক্তৃতাৰে দৰ্শকৰ মন জয় কৰা মহন্তই ভুৱা ডিগ্ৰীধাৰী শিক্ষক সকলৰ ওপৰত অচিৰেই চৰকাৰে ব্যৱস্থা ল’ব বুলি তেখেতে দোহাৰে ৷ ইয়াৰ পূৰ্বে বিশ্ববিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী সকলৰ দ্বাৰা পৰিৱেশন কৰা এটি সমবেত সংগীতেৰে মাধৱদেৱ বিশ্ববিদ্যালয় শিক্ষক সংস্থাৰ সভাপতি মাখন তামুলীৰ পৈৰহিত্যত অনুষ্ঠিত হোৱা সভাখনৰ শুভাৰম্ভ হয় ৷
Read More