ঘটনাৰ বিৱৰণী মতে, শিৱসাগৰৰ পৰা সোণাৰি অভিমুখী অহা AS 04 D 1122 নম্বৰৰ গুৰুনানক নামৰ যাত্ৰীবাহী বাছখন মথুৰাপুৰ থানাৰ সন্মুখত ৰখাই আজি বিয়লি আৰক্ষীয়ে তালাচী চলোৱাত ড্ৰাগছ সহ দুই সৰবৰাহকাৰী ধৰা পৰে।
Read Moreপৌৰ এলেকাত ব্যৱসায় কৰা চাইন বোৰ্ড, হৰ্ডিং, পোষ্টাৰ আদিত ওপৰৰ শাৰীত অসমীয়া ভাষা প্ৰয়োগ কৰিব লাগিব আৰু তাৰ তলতহে ইংৰাজী বা হিন্দী ভাষাৰ ভাঙনি ব্যৱহাৰ কৰিব পাৰিব। অন্যথা দোষনীয় বুলি গণ্য কৰি ব্যবস্থা গ্ৰহণ কৰা হ'ব। এই ক্ষেত্ৰত অহা ১ আগষ্টৰ পৰা কাৰ্যকৰী ব্যবস্থা গ্ৰহণ কৰিব লাগিব।
Read Moreউল্লেখযোগ্য যে নগৰখনত উপযুক্তভাবে পানী নিষ্কাষণৰ ব্যৱস্থা নথকাৰ বাবেই এজাক বৰষুণতেই সৃষ্টি হয় কৃত্ৰিম বানৰ। নগৰৰ ৰাজপথৰ দুই কাষে বিজ্ঞান সন্মত নলা-নৰ্দমা নথকাৰ বাবে তদুপৰি যিখিনি তথাকথিত নলা-নৰ্দমা আছে সেইবোৰ দীৰ্ঘদিন ধৰি চফা নকৰাৰ বাবেই এনেদৰে নগৰখনত কৃত্ৰিম বান সৃষ্টি হৈ আহিছে।
Read Moreবৈঠকত উপায়ুক্ত গৰাকীয়ে জিলখনত ৰূপায়ণ হৈ থকা আঁচনিসমূহৰ কাম-কাজ নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত সম্পন্ন কৰিবলৈ সংস্লিষ্ট বিভাগীয় মুৰব্বীসকলক নিৰ্দেশ দিয়াৰ লগতে জনকল্যাণকামী আঁচনিসমূহৰ সফল ৰূপায়নৰ বাবে বিভাগীয় সমন্বয় বজাই ৰাখিবলৈ আহ্বান জনায়৷
Read More